অসমীয়াঅসম

চাঞ্চল্যকৰ! হাস্পতালৰ পৰা পলায়ন কোভিড আক্ৰান্ত কয়দীৰ…

নিউজ ডেস্কঃ হাস্পতালত চিকি‌ৎসাধীন হৈ থকা এজন কোভিড আক্ৰান্ত কয়দীৰ পলায়নে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত।

জানিব পৰা মতে, নগাঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কয়দী জনে দেওবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে।

photo1658143763

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, পলাতক কোভিড আক্ৰান্ত কয়দীজনৰ নাম হৈছে নেকিবুৰ ৰহমান।

উল্লেখ্য যে, ড্ৰাগছৰ গোচৰত নগাঁৱৰ হইবৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নেকিবুৰ ৰহমানক।

photo1658143646

শেহতীয়াকৈ কয়দী জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল।

কিন্তু দেওবাৰে নিশা হাস্পতালৰ পৰা নিৰাপত্তা ভেদি পলায়ন কৰিবলৈ সক্ষম হয় কয়দীজনে।

ইতিমধ্যে আৰক্ষীয়ে কয়দী নেকিবুৰ ৰহমানৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।