
কথা সলনি হৈছে DGP ভাস্কৰজ্যোতি মহন্তৰ! বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আনিবলৈ সহায় কৰিব আৰক্ষীয়ে
নিউজ ডেস্কঃ কথা সলনি হৈছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। দুদিন পূৰ্বে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰক লৈ ডিজিপি গৰাকীয়ে মন্তব্য কৰিছিল বেলেগ ধৰণেৰে।
বৰ্ষাশ্ৰীয়ে আলফালৈ নিজে যাম বুলি আৰু আনকৈ যাবলৈ প্ৰৰোচিত কৰা বুলি দাবী কৰি তাৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰিছিল ডিজিপি ভাস্কৰজ্যোতি মহন্তই।
কিন্তু এইবাৰ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে বৰ্ষাশ্ৰীক এটা টেগ লাইন লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁ কয়, ‘‘বৰ্ষাশ্ৰীয়ে কবিতা লিখাৰ বাবে জে’ললৈ যোৱা নাছিল, তাই এটা টেগ লাইন লিখিছিল “স্বাধীন অসম” বুলি৷ শেহতীয়াকৈ আলফালৈ যাব বিচৰা একাংশ যুৱক যুৱতীক কাউন্সেলিঙৰ সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰাৰো ব্যৱস্থা কৰিছে৷ আবেগত উটি ভাঁহি যাওক, কিন্তু নিষিদ্ধ সংগঠনৰ ফালে মন মেলিব নালাগে।’’
আনহাতে বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ উলিয়াই অনাত অসম আৰক্ষীয়ে সহায় কৰিব বুলি মন্তব্য কৰে ডিজিপি মহন্তই। তেওঁ কয় যে এই সন্দৰ্ভত ইতিমধ্যে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে আৰক্ষীয়ে।
প্ৰণিধানযোগ্য যে, সামাজিক মাধ্যমত লিখা এষাৰি বাক্যৰ বাবেই যোৱা প্ৰায় দুমাহ ধৰি কাৰাবন্দী হৈ আছে টীয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। ইতিমধ্যে কাৰাগাৰৰ ভিতৰৰ পৰাই তেওঁ অৱতীৰ্ণ হৈছে স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত।
ছাত্ৰীগৰাকীৰ মুক্তিৰ দাবী সজোৰে উত্থাপন কৰিছে বিভিন্ন দল-সংগঠন তথা বিৰোধী ৰাজনৈতিক দলে। আনহাতে সামাজিক মাধ্যমতো এই বিষয়টো তীব্ৰ চৰ্চিত হৈছে।
লগতে চাওকঃ
বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ, ফেচবুক পােষ্টত ‘ককাইদেউ’ৰ সমৰ্থনত ‘কমেন্ট’ কৰি ৰঙাঘৰত…







Pingback: বৰ্ষাশ্ৰীৰ পাছত এইবাৰ প্ৰমোদ, ফেচবুক পােষ্টত 'ককাইদেউ'ৰ সমৰ্থনত 'কমেন্ট' কৰি ৰঙাঘৰত... - NEWS8 NE