আজি শাওনৰ প্ৰথমটো সোমবাৰ! মনোবাঞ্ছা পূৰণৰ অৰ্থে শিৱ উপাসনাস্থলীত ভিৰ কৰিছে ভক্তই

নিউজ ডেস্কঃ শাওন মাহৰ প্ৰথমটো সোমবাৰে নিজৰ মনোবাঞ্ছা পুৰণৰ অৰ্থে ৰাজ্যৰ শিৱ মন্দিৰ সমূহত ভিৰ কৰিছে অগণন ভক্তই।

হাতে হাতে বেলপাত, গাখীৰ, নৈবদ্য লৈ নিজৰ লগতে আনৰো মংগল কামনাৰ্থে শিৱ উপাসনাস্থলী সমসূহত সোমবাৰে পুৱাৰে পৰাই শাৰী পাতিছে শ শ ভক্তই।

photo1658144214
আজি শাওনৰ প্ৰথমটো সোমবাৰ! মনোবাঞ্ছা পূৰণৰ অৰ্থে শিৱ উপাসনাস্থলীত ভিৰ কৰিছে ভক্তই 5

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো শাওন মাহৰ প্ৰথমটো সোমবাৰৰ কাহিলি পুৱাতেই ভগৱান শিৱৰ আৰাধনাৰ বাবে ভিৰ কৰা দেখা যায় শতাধিক ভক্তক।

photo1658144241
আজি শাওনৰ প্ৰথমটো সোমবাৰ! মনোবাঞ্ছা পূৰণৰ অৰ্থে শিৱ উপাসনাস্থলীত ভিৰ কৰিছে ভক্তই 6

আনহাতে নগাঁৱৰ পুৰণিগুদামৰ ভেৰভেৰীস্থিত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতো শাওণৰ প্ৰথমটো সোমবাৰত নৈবদ্য আগবঢ়াবলৈ ভিৰ কৰে অগণন ভক্তই।

photo1658144243
আজি শাওনৰ প্ৰথমটো সোমবাৰ! মনোবাঞ্ছা পূৰণৰ অৰ্থে শিৱ উপাসনাস্থলীত ভিৰ কৰিছে ভক্তই 7

ইয়াৰোপৰি ৰাজ্যৰ আন আন প্ৰান্তত থকা শিৱ মন্দিৰসমূহতো আজি বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।

photo1658144325
আজি শাওনৰ প্ৰথমটো সোমবাৰ! মনোবাঞ্ছা পূৰণৰ অৰ্থে শিৱ উপাসনাস্থলীত ভিৰ কৰিছে ভক্তই 8

উল্লেখ্য যে, জনবিশ্বাস অনুসৰি শাওনৰ মাহৰ প্ৰথমটো সোমবাৰে ভগৱান শিৱক ভক্তিভাৱেৰে আৰাধনা কৰি মনোবাঞ্ছা পূৰণ হয় ভক্তৰ।

বিগত দুটা বছৰ কোভিড পৰিস্থিতিৰ বাবে শাওন মাহৰ প্ৰথম সোমবাৰে মন্দিৰলৈ ভক্তৰ সমাগম হ্ৰাস পাইছিল যদিও পৰিস্থিতি পুনৰ স্বাভাৱিক হোৱাত আকৌ ইশ্বৰক আৰাধনা কৰিবলৈ ওলাই আহিছে শ শ ভক্ত।