ৰাষ্ট্ৰীয়

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল TMC নেত্ৰী সুস্মিতা দেৱৰ…

ৰাজ্যসভাৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক।

সোমবাৰে আবেলি প্ৰায় তিনি বজাত মনোনয়ন পত্ৰ দাখিল কৰে তেওঁ। পশ্চিম বংগত মনোনয়ন পত্ৰ দাখিল কৰি উৎসাহিত হৈ পৰে সুস্মিতা দেৱ।

মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয়, “এইটো ভাবি ভাল লাগিছে যে মই অসমৰ বাসিন্দা। আৰু মোক দিল্লীলৈ সাংসদ কৰি পঠিয়াইছে বাংলাৰ বিধায়কে। মমতা দিদি আৰু অভিষেক সহ সমগ্ৰ তৃণমূলৰ পৰিয়ালে মোক কাম কৰাৰ সুযোগ প্ৰদান কৰিছে।”

E-uh-Nh-JVg-AQZJXq

সূত্ৰ অনুসৰি, কংগ্ৰেছ দলৰ পৰা অলপতে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতাই। তেওঁক নতুন দায়িত্ব প্ৰদান কৰি দিল্লীলৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

মনোনয়ন দাখিলৰ পিছত সুস্মিতাই আৰু কয়, “ত্ৰিপুৰাত আমাৰ প্ৰথম যুদ্ধ হ’ব। আমাৰ প্ৰথম দৃষ্টি থাকিব ত্ৰিপুৰাত। বিপ্লৱ দেৱৰ চৰকাৰ আৰু পুলিচক আমি শেষ কৰিব বিচাৰো। আমাক বাধা দিবলৈ তেওঁলোক বাৰে বাৰে আদালতৰ দ্বাৰস্থ হৈছে।”

উল্লেখ্য যে তৃণমূল কংগ্ৰেছে নিজৰ দলীয় পৰিসৰ দেশৰ ভিন্ন প্ৰান্তলৈ বৃদ্ধি কৰিবলৈ ইচ্ছা কৰিছে। সেয়েহে বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক নেতাই যোগদান কৰিছে তৃণমূল কংগ্ৰেছত।

E-uh-Nh-JVg-AQZJXq

সেই অনুসৰি সুস্মিতা দেৱকো দলত যোগদান কৰাই অসম আৰু উত্তৰ পূৱত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ দায়িত্ব দিব বিচাৰিছে সুস্মিতা দেৱক। সেয়েহে তেওঁক ৰাজ্যসভাৰ সাংসদ কৰি দলত তেওঁৰ গুৰুত্ব বৃদ্ধি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *