মন্দিৰৰ পৰা উভতি অহাৰ সময়ত মধ্য আকাশত ৰ’পৱে’ত আৱদ্ধ হৈ পৰিল বিজেপি বিধায়ক সহ ৪০ ভক্ত

নিউজ ডেস্কঃ কাৰিকৰী বিজুতিৰ বাবে শূন্যত আৱদ্ধ হৈ পৰিল ৪০ জনৰো অধিক ভক্তক কঢ়িয়াই অনা এটা ৰ’পৱে। উত্তৰাখণ্ডৰ মুছুৰীৰ সমীপত সংঘটিত হোৱা এই ঘটনাৰ ফলত ৪০ গৰাকী যাত্ৰী প্ৰায় এঘণ্টা ধৰি ওপৰত আৱদ্ধ হৈ পৰে।

ইফালে শূন্যত আৱদ্ধ হৈ থকা ৪০ জন ভক্তৰ ভিতৰত আছিল বিজেপিৰ বিধায়ক কিশোৰ উপাধ্যায়ো। সুৰকান্দা দেৱী মন্দিৰৰ সৈতে সংযোগ কৰা ৰ’পৱে’টো কাৰিকৰী বিজুতিৰ বাবে এনেদৰে মাজতে আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰায় এঘণ্টা পিছত আটাই কেইগৰাকী যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰা হয়।

এই সন্দৰ্ভত বিজেপিৰ বিধায়ক কিশোৰ উপাধ্যায়ে কয় যে তেওঁ আন ভক্তসকলৰ সৈতে ৰ’পৱেৰে মন্দিৰৰ পৰা উভতি অহাৰ সময়ত এই ঘটনা সংঘটিত হয়।

তদুপৰি সুৰকান্দ দেৱী মন্দিৰলৈ ৰ’পৱে সেৱা পুনৰ আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি উপাধ্যায়ে কয় যে এনে ৰ’পৱে সঠিকভাৱে পৰীক্ষা কৰা উচিত যাতে ভক্তসকলৰ জীৱন বিপন্ন নহয়।

ropeway surkanda
মন্দিৰৰ পৰা উভতি অহাৰ সময়ত মধ্য আকাশত ৰ’পৱে’ত আৱদ্ধ হৈ পৰিল বিজেপি বিধায়ক সহ ৪০ ভক্ত 2

উল্লেখযোগ্য যে চলিত বৰ্ষৰ মে’ মাহৰ পৰা উত্তৰাখণ্ডৰ তেহৰি জিলাত অৱস্থিত মন্দিৰলৈ ৰ’পৱে সেৱা আৰম্ভ হৈছিল।

উত্তৰাখণ্ড পৰ্যটন বিভাগে আৰম্ভ কৰা এইটো হৈছে প্ৰথমটো গুৰুত্বপূৰ্ণ ৰ’পৱে প্ৰকল্প। ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৫০২ মিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱে’টো কদ্দুখল আৰু সুৰকান্দা দেৱী মন্দিৰৰ মাজত চলি আছে।

প্ৰণিধানযোগ্য যে, যোৱা মাহৰ আৰম্ভণিতে হিমাচল প্ৰদেশত সংঘটিত হোৱা এক গুৰুতৰ ঘটনাত সোলান জিলাৰ পাৰৱানু টিম্বাৰ ট্ৰেইলত এখন কেবল কাৰ আকাশৰ মাজত আবদ্ধ হৈ পৰাত ৫গৰাকী মহিলাকে ধৰি প্ৰায় ১১ জন লোক ঘণ্টাৰ পিছত ঘণ্টা আৱদ্ধ হৈ পৰিছিল। অৱশ্যে ৬ ঘণ্টীয়া অভিযানৰ অন্তত আটাইকেইজনকে উদ্ধাৰ কৰা হয়।

ইয়াৰ পূৰ্বে ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ ত্ৰিকুট পাহাৰত প্ৰায় ১৫ জন পৰ্যটক প্ৰায় ৪০ ঘণ্টা ধৰি ৰ’পৱেত আবদ্ধ হৈ আছিল। ইয়াৰে ১২জনক ভাৰতীয় বায়ুসেনাই উদ্ধাৰ কৰাৰ বিপৰীতে তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল।