নিউজ ডেস্ক। এক শোকাৱহ ঘটনা।
জনজাতীয় উৎসৱ কৰম পূজনৰ পিছত ‘ডালি’ বিসৰ্জনৰ বাবে যোৱা ৭ যুৱতীৰ সলিল সমাধি।
সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পেৰ ৩ যুৱতীৰ। মৃত্যু হোৱা যুৱতী কেইগৰাকীৰ বয়স ১২ বছৰৰ পৰা ২০ বছৰৰ ভিতৰত বুলি জানিব পৰা যায়।
ইয়াৰে ছয়জনী যুৱতী একেটা পৰিয়ালৰে আছিল।
এই ঘটনা শনিবাৰে সংঘটিত হয় ঝাৰখণ্ডৰ লাতেহাৰ জিলাৰ বুক্ৰু গাঁৱত। এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ গাওঁখনত এক শোকাকুল পৰিবেশে বিৰাজ কৰে।
আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰি লাতেহাৰৰ উপায়ুক্ত আবু ইমৰানে কয় যে, জিলাখনৰ বালুমথ খণ্ডৰ শ্বেৰাগাদা পঞ্চায়তৰ বুক্ৰু গাঁৱৰ মানন্দিত শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এই ঘটনা সংঘটিত হয়।
সকলো মৃত যুৱতীৰ মৃতদেহ পুখুৰীৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উপায়ুক্তই লগতে কয় যে, ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে সকলো সাহাৰ্য প্ৰদান কৰা হৈছে। ঘটনাটোৰ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু এই সমগ্ৰ ঘটনাটোৰ তদন্ত অতিৰিক্ত উপায়ুক্ত সুৰেন্দ্ৰ বাৰ্মাই কৰিব।
তেওঁ কয় যে গাওঁখনৰ ১০ গৰাকী যুৱতীৰ এটা দলে কৰম ডালিৰ বাবে গাওঁখনৰ ৰেললাইনৰ ওচৰৰ পুখুৰীলৈ গৈছিল।
পাত আৰু গছৰ ডালেৰে নিৰ্মিত পূজা শাখাটো ডুবি থকাৰ লগে লগে হঠাতে দুগৰাকী যুৱতী গভীৰ পানীত সোমাই ডুবিবলৈ আৰম্ভ কৰিলে।
বাকী পাঁচ গৰাকী যুৱতীও তেওঁলোকক বচাবলৈ গৈছিল। যাৰ ফলত সাত গৰাকী যুৱতী পানীত ডুবি গৈছিল।
তেওঁ কয় যে ইয়াৰ পিছতেই পাৰত থিয় হৈ থকা তিনি গৰাকী যুৱতীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীলৈ গাওঁবাসী দৌৰি গৈছিল। কিন্তু তেতিয়ালৈ চাৰি গৰাকী যুৱতীৰ মৃত্যু হৈছিল।
উপায়ুক্তজনে কয় যে বালুমথ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ সময়ত তিনি গৰাকী যুৱতীৰ মৃত্যু হয়।









