নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ঘৰুৱা বিবাদৰ বাবে আত্মহত্যা কৰিছিল ঘৰৰ ৪ সদস্যই। কিন্তু দুটি শিশু আছিল জীৱিত অৱস্থাত। ইয়াৰে এটি দুবছৰীয়া আৰু এটি ৯ বছৰীয়া শিশু।
অৱশ্যে ৯ বছৰীয়া শিশুটি অনাহাৰে থাকি ভোকত মৃত্যু হয়।
তাৰ বিপৰীতে দুবছৰীয়া কন্যা শিশুটিয়ে ৫ দিন ঘৰৰ ভিতৰত কটালে মৃত ৫ সদস্যৰ সৈতে।
কিন্তু ৫ দিনৰ মূৰত শিশুটিৰ ককাক ঘৰত উপস্থিত হোৱাতহে পোহৰলৈ আহে এই কথা।
এই ঘটনা সংঘটিত হৈছে বেংগালুৰুত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শুক্ৰবাৰে দুবছৰীয়া শিশুটিক উদ্ধাৰ কৰা হয়। ককাক এইচ শংকৰে পাঁচ দিনৰ পিছত নিজৰ ঘৰলৈ উভতি অহাৰ লগে লগে মৃত্যুৰ আচৰিত দৃশ্য প্ৰত্যক্ষ কৰে। তেওঁ অনুভৱ কৰে যে তেওঁৰ পৰিয়ালৰ এক কৰুণ সমাপ্তি ঘটিছে। কেৱল তেওঁৰ নাতিনী জীয়াই আছিল।
আৰক্ষী বিষয়া সঞ্জীৱ এম পাটিলে কয় যে, “আমি গম পাইছিলো যে ঘৰটোৰ ভিতৰত পাঁচটা মৃতদেহ আছিল। ঘৰটোত এটা কেঁচুৱা জীৱিত অৱস্থাত পোৱা গৈছিল। মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। আমি শিশুটিক উদ্ধাৰ কৰিছো। আমি দেখাৰ সময়ত মৃতদেহ বিলাক পচিবলৈ আৰম্ভ কৰিছিল।”
শিশুটিৰ ককাক এইচ শংকৰে আৰক্ষীক কয় যে, ঘৰুৱা কাজিয়াৰ পিছত পাঁচদিন পূৰ্বেই তেওঁ খঙত ঘৰৰ পৰা ওলাই গৈছিল। আৰক্ষীক কোৱা অনুসৰি ঘৰৰ আন সদস্য আৰু তেওঁৰ সৈতে তেওঁৰ জীয়েকৰ বিবাদ হৈছিল। যিয়ে নিজৰ শহুৰেকৰ ঘৰ এৰি আহি তেওঁলোকৰ সৈতে থাকিবলৈ বিচাৰিছিল।

সেই কথাতেই বিবাদে ভয়ংকৰ ৰূপ লয়।
তেওঁ কয় যে, ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পৰিয়াললৈ তেওঁ কেইবাবাৰো ফোন কৰিছিল। কিন্তু কোনোৱে তেওঁৰ ফোন কলৰ উত্তৰ দিয়া নাছিল।
সেয়েহে পিছত এইচ শংকৰে তেওঁৰ ঘৰলৈ উভতি আহিছিল। ঘৰলৈ আহিয়েই তেওঁ তেওঁৰ ৫০ বছৰীয়া পত্নী আৰু ২৭ বছৰীয়া পুত্ৰ আৰু দুগৰাকী কন্যাক চিলিং ৱালত ওলমি থকা দেখিছিল।
প্ৰাথমিক তদন্তৰ উদ্ধৃতি দি আৰক্ষীয়ে কয় যে, তেওঁৰ ন মাহৰ নাতিৰো অনাহাৰৰ ফলত মৃত্যু হয়।
সৌভাগ্যক্ৰমে দুবছৰীয়া কন্যা শিশু গৰাকী বাচি গৈছিল। শিশুটিক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।









