ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীৰ জন্মদিনত বলুকা শিল্পীৰ ব্যতিক্ৰমী শুভেচ্ছা…

নিউজ ডেস্ক। শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ তম জন্মদিন।

তেওঁৰ জন্মদিন দেশজুৰি বিজেপি দল তথা চৰকাৰে আয়োজন কৰিছে ভিন্ন ধৰণে।

তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে অজস্ৰজনে।

E-dk-CJPVc-AEcc-JM

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰৰ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

দেশৰ সকলো প্ৰান্তৰ লোকে মোদীৰ জন্মদিনত নিজ নিজ ধৰণেৰে শুভেচ্ছা জনাইছে। সেই অনুসৰি বলুকা শিল্পী সুদৰ্শন পাটনায়কেও প্ৰধানমন্ত্ৰী মোদীক বিশেষভাৱে জনাইছে অভিনন্দন।

সুদৰ্শন পাটনায়কে উৰিষ্যাৰ পুৰীৰ সমুদ্ৰ তীৰত বলুকাৰে প্ৰধানমন্ত্ৰী মোদীৰ এক দৃশ্য নিৰ্মাণ কৰে। সেই কাৰ্যৰে পাটনায়কে নিজৰ টুইটাৰ একাউণ্ট যোগে প্ৰধানমন্ত্ৰী লৈ এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।

পাটনায়কে লিখে, “সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপোনালৈ জন্মদিনৰ শুভেচ্ছা। মহাপ্ৰভু জগন্নাথে আপোনাক ভাৰত মাতৃৰ সেৱা কৰিবলৈ দীৰ্ঘয়ু আৰু স্বাস্থ্যৱান জীৱন প্ৰদান কৰক।”

উল্লেখ্য যে বালিত সুদৰ্শন পাটনায়কে সৃষ্টি কৰা শিল্পকৰ্ম অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে। তেওঁৰ সেই শিল্পকৰ্মক সামাজিক মাধ্যমত অনুৰাগীসকলে যথেষ্ট প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *