আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন।
সমগ্ৰ দেশজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন।
মোদীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা লোৱা হৈছে বিশেষ কাৰ্যসূচী।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ নেতা–কৰ্মীসকলে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচী হাতত লয়।
মোদীৰ দীৰ্ঘায়ু কামনাৰে অসমৰ সকলো প্ৰান্তৰ নামঘৰ, মঠ-মন্দিৰ, গিৰ্জা, মছজিদত প্ৰাৰ্থনা আগবঢ়ায়।
মন কৰিবলগীয়া কথা, আজি জালুকবাৰী মণ্ডল বিজেপিৰ উদ্যোগত ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দৰ এটি দল আজি উপস্থিত হয় শক্তিপীঠ কামাখ্যা মন্দিৰত।
সাংসদ পল্লৱলোচন দাস, জিএমচিৰ প্ৰাক্তন মেয়ৰ তথা বিজেপি নেতা মৃগেন শৰণীয়াকে প্ৰমুখ্য কৰি জালুকবাৰী মণ্ডল বিজেপি বিভিন্ন নেতা-কৰ্মী থকা দলটোৱে মা কামাখ্যাৰ ওচৰত সেৱা প্ৰাৰ্থনা আগবঢ়োৱাৰ লগতে বন্তি প্ৰজ্বলনেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰে।









