প্ৰাক্তন প্ৰেয়সীৰ সৈতে উঠা অন্তৰংগ মুহূৰ্তৰ ফটো-ভিডিঅ’ ভাইৰেল কৰাৰ অভিযােগ, আটক ছাত্ৰ

নিউজ ডেস্ক। প্ৰাক্তন প্ৰেয়সীৰ সৈতে উঠা অন্তৰংগ মুহূৰ্তৰ ফটাে আৰু ভিডিঅ’ সামাজিক মাধ্যমত আপলােড কৰি ৰঙাঘৰৰ আলহী হ’ল প্ৰাক্তন প্ৰেমিক।

এই নিকৃষ্ট কাণ্ড কৰিবলৈ অভিযুক্ত যুৱকজনে ফেচবুকত খুলি লৈছিল এটা ভুৱা একাউন্ট।

সেই একাউন্টৰ জৰিয়তে সামাজিক মাধ্যমত বিয়পাই দিছিল প্ৰাক্তন প্ৰেয়সীৰ সৈতে উঠা ফটাে আৰু ভিডিঅ’।

এই কথা গম পাই প্ৰাক্তন প্ৰেয়সীৰ মাতৃয়ে এক এজাহাৰৰ ভিত্তিত ৰঙাঘৰৰ আলহী হ’ল যুৱকজন।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ বকাে সমষ্টিৰ অন্তৰ্গত নগৰবেৰা।

আৰক্ষীৰ জালত পৰিল অসম-বাংলাদেশ সীমান্তৰ সুখচৰ আৰক্ষী থানাৰ এলেকাৰ বেৰাভঙা গাঁৱৰ জাহিদ মণ্ডল ওৰফে জাহিদুল ইছলাম নামৰ যুৱকজনক।

জানিব পৰা মতে, প্ৰথমে ফোনযোগে এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। পাছলৈ দূৰত্ব বাঢ়ি যায় প্ৰেমিকাৰ স’তে।

পৰিণতিত ফেচবুকত ভুৱা একাউন্ট খুলি প্ৰেমিকাৰ স’তে উঠা কেতবোৰ আপত্তিজনক ভিডিঅ’ ভাইৰেল কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰাক্তন প্ৰেমিকজন।

জানিব পৰা মতে এই যুৱকজন বি ফাৰ্মৰ ছাত্ৰ।

ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে নগৰবেৰা আৰক্ষীত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে আটক কৰে যুৱকজনক।

অৱশ্যে যুৱক জাহিদুলে তেনে নকৰা বুলিহে ক’লে সংবাদ মাধ্যমৰ আগত। আৰক্ষীৰ পৰৱৰ্তী তদন্তৰ পাছতহে ওলাব ঘটনাৰ সত্যসত্যতা।

Leave a Comment