কইনাই নহয়, ওলোটাই দৰাইহে কৰিলে কইনাৰচৰণ স্পৰ্শ! ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ ভাৰতীয় পৰম্পৰাত কইনাই দৰাৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰে। কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত এনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত কইনাই দৰাৰ নহয়, বৰং দৰাইহে কইনাৰ ভৰি চুই আশীৰ্বাদ লোৱা পৰিলক্ষিত হৈছে।

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

image 271
কইনাই নহয়, ওলোটাই দৰাইহে কৰিলে কইনাৰচৰণ স্পৰ্শ! ভাইৰেল ভিডিঅ’ 3

জানিব পৰা মতে, দিতি গাৰডিয়া নামৰ এগৰাকী যুৱতী বিবাশ পাশত আৱদ্ধ হয় অৰ্ণৱ ৰয় নামৰ এজন যুৱকৰ সৈতে। তেওঁলোকৰ বিবাহৰ সময়তে দৰা অৰ্ণৱে দিতিৰ চৰণ স্পৰ্শ কৰে।

groom
কইনাই নহয়, ওলোটাই দৰাইহে কৰিলে কইনাৰচৰণ স্পৰ্শ! ভাইৰেল ভিডিঅ’ 4

সামাজিক মাধ্যমত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে কইনা দিতি গাৰডিয়াই। ভিডিঅ’টো শ্বেয়াৰ কৰি দিতিয়ে এই কথাও লিখিছে যে দৰা অৰ্ণৱৰ এই কাৰ্যত প্ৰথমে বিয়াৰ পুৰোহিত কিছু অসন্তুষ্ট হৈছিল যদিও পিছত দিতিৰ কাণে কাণে তেওঁ ভাগ্যৱতী বুলি কয়।

https://youtube.com/shorts/ff7R-pnzOyU?feature=share

আনহাতে সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে দৰা-কইনাৰ যুটিটোক উচ্চ প্ৰশংসা কৰিছে। পৰম্পৰা ভংগ কৰি অৰ্ণৱে কইনাৰ চৰণ স্পৰ্শ কৰা কাৰ্যক বহুতে সহজভাৱে লৈছে যদিও আন বহুতে আকৌ ইয়াক লৈ বিপৰীত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।