বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা NDRFৰ নাৱত দুৰ্বৃত্তৰ আক্ৰমণ, ৩ জনক আটক…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

শিলচৰত অপৰিৱৰ্তিত বান পৰিস্থিতি।

ইয়াৰ মাজত শিলচৰত সংঘটিত হৈছে এক দুষ্কাৰ্য।

বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা NDRFৰ নাৱত দুৰ্বৃত্তৰ আক্ৰমণ।

শিলচৰৰ কলেজ ৰোডত সংঘটিত হৈছে এক আচৰিত ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে এনডিআৰএফৰ এখন নাও।

মঙলবাৰে এই ঘটনাটো সংঘটিত হয়। এনডিআৰএফৰ জোৱানৰ এটা দলে জলমগ্ন হৈ থকা আশ্ৰম ৰোডৰ আৱদ্ধ পৰিয়ালবোৰক সাহায্য সামগ্ৰী বিতৰণ কৰি উভতি অহাৰ সময়তে নাওখনত অতৰ্কিত আক্ৰমণৰ সন্মুখীন হয়।

এই ঘটনাত আচৰিত হৈ এনডিআৰএফৰ কৰ্মীসকল নাওখনৰ পৰা পানীত নামি পৰে।

তেওঁলোকে তাৎক্ষণিক ভাৱে আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে। ইতিমধ্যে নাওখনত হোৱা আক্ৰমণৰ সন্দৰ্ভত তিনিজন ব্যক্তিক আটক কৰা হৈছে।

ঘটনা সন্দৰ্ভত শিলচৰ সদৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, ‘আমি তিনিজন ব্যক্তিক আটক কৰিছো আৰু তেওঁলোকক জেৰা কৰি থকা হৈছে। এনডিআৰএফৰ কোনো কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা নাই, তেওঁলোকে এখন দাৰে নাওখন আক্ৰমণ কৰিছিল।’

অৱশ্যে নাওখন কিয় আক্ৰমণ কৰিছিল সেই সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত সন্তোষ দাস (৩২), ধনঞ্জয় দাস (৩২) আৰু মানসিকভাৱে অস্থিৰ অন‍্য এজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।