আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, ৭ গৰাকী মহিলাসহ ৮ জনক গ্ৰেপ্তাৰ…

ড্ৰাগচৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ সফল অভিযান।

আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, ৭ গৰাকী মহিলাসহ ৮ জনক গ্ৰেপ্তাৰ।

মঙলবাৰে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ অন্তৰ্গত ধৰ্মনগৰ মহকুমাত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ গা়ঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৭ গৰাকী মহিলা আৰু এজন পুৰুষ সৰবৰাহকাৰীক।

ধৃত অভিযুক্তকেইজন ক্ৰমে- আশীষ দাস (৩০), দাৰ্জিলিঙৰ বাসিন্দা সুষমা চাৰাকি (২১), শিলিগুৰিৰ কাঞ্চন সহানী (৩৬), পিংকি সহানী (৩৫) শিলিগুৰিৰ সোভা মাহাটো (৩০), টুম্পা দাস(২৬), কোচবিহাৰৰ চম্পা ৰাণী দাস(৩০) আৰু শিলিগুৰিৰ ৰম্ভা মাহাটো (৩০) বুলি জানিব পৰা গৈছে।

ধৰ্মনগৰ মহকুমা আৰক্ষী বিষয়া সৌম্য দেৱ বৰ্মাই জনোৱা মতে, ধৰ্মনগৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছৰ পৰা এখন ই-ৰিক্সাৰে বাগবাছা অঞ্চলৰ দিশে যাত্ৰা কৰিছিল।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বাগবাছা আউটপষ্টৰ আৰক্ষীয়ে ই-ৰিক্সাখনত তালাচী চলাই ৮ জন যাত্ৰীক আটক কৰাৰ লগতে ই-ৰিক্সাখনৰ পৰা ৫৮.৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।