ৰাষ্ট্ৰীয়

‘দুখীয়াৰ ভগৱান’ৰ ঘৰত হঠাৎ আয়কৰ বিভাগৰ তালাচী, বিভিন্ন পক্ষৰ তীব্ৰ প্ৰতিক্ৰিয়া…

নিউজ ডেস্ক। বুধবাৰে বলিউড অভিনেতা তথা দুখীয়াৰ ভগৱান খ্যাত চনু সুদৰ মুম্বাইস্থিত ঘৰত হঠাৎ উপস্থিত হ’ল আয়কৰ বিভাগৰ বিষয়াৰ দল। ঘৰত সকলো তালাচী কৰে বিভাগে।

উল্লেখ্য যে দিল্লী চৰকাৰৰ অধীনৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেমৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্তি দিয়া হৈছিল চনুক। এই বিশেষ পদত তেওঁ যোগদান কৰিছিল মংগলবাৰে। আৰু ঠিক তাৰ এদিন পিছতেই চনুৰ ঘৰত হাজিৰ হয় আয়কৰ বিভাগৰ এটা দল।

জানিব পৰা মতে, বুধবাৰে পুৱা আয়কৰ বিভাগে বলিউড অভিনেতাজনৰ ঘৰত এক আয়কৰ জৰীপ চলায়। সূত্ৰৰ খবৰ অনুসৰি, আয়কৰ বিভাগে চনু সুদৰ সৈতে সম্পৰ্কিত ছয় ঠাইত জৰীপ কৰে। অৱশ্যে এই সময়ছোৱাত বিভাগে কোনো নথি পত্ৰ বাজেয়াপ্ত কৰা নাই।

উল্লেখ্য যে আয়কৰ আইন ১৯৬১ ৰ ধাৰা ১৩৩ (ক) ৰ অধীনত জৰীপ (হিচাপ পৰ্যবেক্ষণ) ৰ বাবে আয়কৰ বিভাগে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তাৰ সৈতে সংযুক্ত ঠাই বা প্ৰতিষ্ঠানত হিচাপ পৰ্যবেক্ষণ কৰিব পাৰে।

সেই অনুসৰি বিভাগে চনু সুদৰ ঘৰত জৰীপ কৰে। আৰু তাৰ পিছতহে প্ৰয়োজন হলে বিভাগে কোনো নথি পত্ৰ বাজেয়াপ্ত কৰিব পাৰে।

উল্লেখ্য যে কোৰোনা মহামাৰীৰ সময়ত দেশ-বিদেশৰ অজস্ৰ জনক সহায় কৰি জনপ্ৰিয় হৈ পৰিছিল চনু সুদ।

তেওঁক “ৰিয়েল লাইফ হিৰ” আৰু “দুখীয়াৰ ভগৱান” হিচাপে অভিহিত কৰিছিল সকলোৱে। বৰ্তমানেও তেওঁ দুখীয়া বা প্ৰয়োজনীয় জনৰ বাবে সেৱা আগবঢ়াই আহিছে। কিন্তু বৰ্তমান বলিউড অভিনেতাজনৰ ঘৰত আয়কৰ বিভাগে হঠাৎ কৰা জৰীপৰ বাবে ক্ষোভিত হৈ পৰিছে তেওঁৰ অনুৰাগী সকল।

অৱশ্যে বহুতেই আশংকা কৰিছে যে চনু সুদৰ সন্মুখত আহি আছে নতুন এক বিপদ। বহুতেই তেওঁৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা ধনক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই সন্দৰ্ভত বৰ্তমানেও কোনো মন্তব্য প্ৰকাশ কৰা নাই চনু সুদ অথবা তেওঁৰ পৰিয়ালে।

Leave a Reply

Your email address will not be published. Required fields are marked *