অসম

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন! গা ধুবলৈ গৈ সন্ধানহীন ৩জন ছাত্ৰ…

গোৱালপাৰা চহৰৰ কাছাৰীঘাটত আঘটন।

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ ৩ ছাত্ৰ৷

সন্ধানহীন হৈ পৰা ছাত্ৰ তিনিগৰাকী হ’ল- মুক্তাৰ হুছেইন, নবী ইছলাম, ছাইনুৰ ইছলাম।

সমনীয়াৰ সৈতে গা ধুই থাকোতে নিখোজ হয় তিনি ছাত্ৰ।

জানিব পৰা মতে, দূপৰীয়া সময়ত চাৰি জন বন্ধুৱে চাইকেল চলাই একেলগে নদীত গা ধুবলৈ গৈছিল।

তাৰ পিছতে তিনি জন কিশোৰ গা ধুই থকা অৱস্থাত নিখোজ হয়।

ঘটনাস্থলীত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও সন্ধিয়া পৰলৈ কোনো শুংসূত্ৰ নোলাল সন্ধানহীন ছাত্ৰ তিনিজনৰ।

SDRF বাহিনীৰ লগতে নদী আৰক্ষীৰ লগতে স্থানীয় ৰাইজেও নিখোজ ছাত্ৰ তিনিজনক বিচাৰি অভিযান চলাই।

কাইলৈ পুৱাৰে পুৰা পুনৰ আৰম্ভ হ’ব উদ্ধাৰ অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *