নিউজ ডেস্কঃ ৰাজ্যত বানৰ বিভীষিকা! ভয়ংকৰ বানৰ পিছত এতিয়া এমুঠি ভাত আৰু এটোপাল খোৱাপানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই।
অসমৰ এনে বান পৰিস্থিতিত যিয়ে যিদৰে পাৰে বন্যাৰ্তৰ সহায়ৰ বাব আগবাঢ়ি আহিছে। তাৰ মাজতে তীব্বতী ধৰ্মগুৰু দালাই লামাই অসমৰ বন্যৰ্ত সকলৰ সহায়ৰ বাবে আগ বঢ়ায় ১০ লাখ টকা।

ধৰ্মগুৰু গৰাকীৰ গাডেন ফোডৰাং ট্ৰাষ্ট অৱ দ্য দালাই লামাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আহবঢ়াই এই সাহায্য।
দালাই লামাই আগবঢ়োৱা এই আৰ্থিক সাহায্যৰ বাবে তীব্বতী ধৰ্মগুৰুগৰাকীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, অসমৰ বলিয়া বানত এতিয়ালৈকে শতাধিক লোকে প্ৰাণ হেৰুৱাইছে। ৫৫ লাখৰো অধিক লোক এই বানত আক্ৰান্ত হৈ ৰাজ্যৰ বিভিন্ন আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি আছে।









