অতুল বৰাক গাড়ীৰ স্পীড কমাবলৈ হাতযোৰ কৰি অনুৰোধ জনালে বুকু সুদা হোৱা মানসৰ মাতৃয়ে…

এক পথ দুৰ্ঘটনা নিমিষতে সকলো চাৰখাৰ হৈছিল এটা পৰিয়ালৰ সকলো সপোন।

মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ খুণ্ডাত অকলতে প্ৰাণ হেৰুৱাই নগাঁৱৰ চামগুৰীৰ মানস প্ৰতিম দাস নামৰ এজন যুৱকে।

image 205
অতুল বৰাক গাড়ীৰ স্পীড কমাবলৈ হাতযোৰ কৰি অনুৰোধ জনালে বুকু সুদা হোৱা মানসৰ মাতৃয়ে... 4

যোৱা ১৯ জুনত চামগুৰি হাইস্কুলৰ সন্মুখত মন্ত্ৰী অতুল বৰাৰ তীব্ৰবেগী কনভয়ে মহতিয়াই নিছিল মানসপ্ৰতীম দাসক।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানসক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছিল যদিও মানস আৰু উভতি নাহিল।

এই খবৰৰ পিছতে মানসৰ পৰিয়ালত উঠে কান্দোনৰ ৰোল। পুত্ৰক হেৰুওৱা শোকত এতিয়াও দগ্ধ সমগ্ৰ পৰিয়ালটো।

image 206
অতুল বৰাক গাড়ীৰ স্পীড কমাবলৈ হাতযোৰ কৰি অনুৰোধ জনালে বুকু সুদা হোৱা মানসৰ মাতৃয়ে... 5

ইয়াৰ মাজতে বৃহস্পতিবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয় মন্ত্ৰী অতুল বৰা।

শোক সন্তপ্ত পৰিয়ালটোৰ কাষত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই।

ইপিনে মন্ত্ৰী অতুল বৰাক গাড়ী লাহে লাহে চলাবলৈ হাতযোৰ কৰি অনুৰোধ জনাইছে মানস প্ৰতীমৰ মাতৃয়ে।

image 207
অতুল বৰাক গাড়ীৰ স্পীড কমাবলৈ হাতযোৰ কৰি অনুৰোধ জনালে বুকু সুদা হোৱা মানসৰ মাতৃয়ে... 6

মাতৃয়ে কয়- স্পীডটো কমাওক, লাহে লাহে গলেওটো আপোনালোকে গন্তব্যস্থান পাব।

আনহাতে স্পীড লিমিট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত অতুল বৰাই কয়- আইন সকলোৰে বাবে সমান। সিদিনাও আমি তীব্ৰবেগত অহা নাছিলো। কিন্তু হঠাতে দুৰ্ঘটনাটো হৈ গ’ল। মই অত্যন্ত মৰ্মাহত। তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলো।