মহাৰাষ্ট্ৰৰ বিধায়কে শীঘ্ৰেই গুৱাহাটী ত্যাগ কৰক, অন্যথা ৰাইজৰ দলে খেদি দিবলৈ বাধ্য হ’বঃ অখিল গগৈ

বিসম্বাদী ৰাজনীতিৰ ৰাজধানীত পৰিণত হৈছে গুৱাহাটী মহানগৰী।

বুধবাৰৰ পৰা ৪৯ জনকৈ মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কে বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত।

শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্ধেৰ নেতৃত্বত গুৱাহাটীত বাহৰ পাতিছে ৪৯ বিধায়কে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে।

অচিৰেই মহাৰাষ্ট্ৰৰ বিধায়ক সকলক অসম ত্যাগ কৰিবলৈ সকীয়নি প্ৰদান কৰিছে অখিল গগৈয়ে।

তেওঁ কয়- অচিৰেই বিধায়কসকলে অসম ত্যাগ কৰক, অন্যথা ৰাইজৰ দলে তেওঁলোকক খেদি দিবলৈ বাধ্য হ’ব।

অখিল গগৈয়ে কয়- অসমৰ মানুহ বানপানীত ককবকাই আছে। কিন্তু বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে সামান্যতমো সাহায্য আগবঢ়োৱা নাই। আনকি এটা পেকেজো ঘোষণা কৰা নাই।

তেওঁ কয়- যি সময়ত বানপানীত ককবকাই থকা ৰাইজক অসম চৰকাৰে উদ্ধৰ কৰিব পৰা নাই সেই সময়ত বিজেপিয়ে অসমত এখন নাটক কৰি আছে। মাহাৰাষ্ট্ৰৰ একাংশ বিধায়কক কিনা বেচাৰ অভিকেন্দ্ৰ কৰি পেলাইছে অসম। গুৱাহাটীত সেই বিক্ৰী যোৱা ঘোঁৰা বিলাকক বান্ধি ৰখা হৈছে। বিজেপি চৰকাৰৰ এইয়া ঘৃণনীয় ৰাজনীতি।

বানপানীত ককবকাই থকা অসমত বিধায়ক বিক্ৰী কৰা ৰাজনীতি অসমত নচলিব। বিজেপিক সকীয়াই দিছো-অখিল।