ৰাভা দিৱসৰ দিনাই ৰাভা জাতিক লৈ অপমানজনক মন্তব্য! গ্ৰেপ্তাৰ টংলাৰ যুৱক

নিউজ ডেস্কঃ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধাৰে স্মৰণ কৰি সমগ্ৰ ৰাজ্যজুৰি ৰাভা দিৱস পালন কৰাৰ দিনটোতে ৰাভা জাতিক লৈ আপত্তিজনক মন্তব্য কৰি ৰোষত পৰিবলগীয়া হ’ল এজন যুৱক।

ৰাভা জাতিক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিব বিচৰাৰ অভিযোগত সোমবাৰে নিশা টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হেমজ্যোতি ডেকা নামৰ যুৱকজনক।

জানিব পৰা মতে, টংলা থানাৰ অন্তৰ্গত বৰজলাহ যোৰপুখুৰীৰ দিলীপ ডেকাৰ পুত্ৰ হেমজ্যোতি ডেকাই হাহিমৰ ৰাভা সম্প্ৰদায়ৰ এজন যুৱকৰ সৈতে ফোনত কোনো বিষয়ত কথা পাতিছিল।

photo1655876571
ৰাভা দিৱসৰ দিনাই ৰাভা জাতিক লৈ অপমানজনক মন্তব্য! গ্ৰেপ্তাৰ টংলাৰ যুৱক 2

সেই কথাৰ মাজতে ৰাভা সম্প্ৰদায়ৰ যুৱকজনক হেয় প্ৰতিপন্ন কৰিবলৈ হেমজ্যোতিয়ে ৰাভা জাতিৰ ভাষা নাই, ধর্ম নাই, অস্তিত্ব নাই, অসমীয়া সমাজৰ অংগ নহয় আদি আপত্তিজনক মন্তব্য কৰে।

ইফালে যুৱকজনৰ এই ফোন ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি ৰাভা সম্প্ৰদায়ৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যাৰ পৰিণতিত ৰাজ্যৰ কেইবাখনো থানাত হেমজ্যোতি ডেকাৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থাই এজাহাৰো দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিতে টংলা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ (এ)২৯৪/৬৭ আইটি এফ গোচৰত (কেছ নং ৩২/২০২২)ত অভিযুক্ত কৰি নিশা যোৰপুখুৰীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে হেমজ্যোতি ডেকাক।