যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ভগনীয়া শিশুৰ সাহায্যৰ বাবে ন’বেল পদক বিক্ৰী শান্তিৰ ন’বেল বিজয়ী ডিমিট্ৰি মুৰাটভৰ

নিউজ ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ভগনীয়া শিশুৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাছিয়াৰ স্বতন্ত্ৰ বাতৰিকাকত নোভায়া গেজেটৰ মুখ্য সম্পাদক ডিমিট্ৰি মুৰাটভে।

ইউক্ৰেইনৰ ভগনীয়া শিশুৰ খাদ্য আৰু শিক্ষাৰ বাবে প্ৰয়োজনীয় ধনৰ বাবে ডিমিট্ৰি মুৰাটফে বিক্ৰী কৰে তেওঁৰ ন’বেল শান্তি বঁটাৰ সোণৰ পদকটো। জানিব পৰা মতে, ডিমিট্ৰিয়ে ১০৩.৫ মিলিয়ন ডলাৰত নিলামত বিক্ৰী কৰে এই বঁটা।

image 189
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ভগনীয়া শিশুৰ সাহায্যৰ বাবে ন’বেল পদক বিক্ৰী শান্তিৰ ন’বেল বিজয়ী ডিমিট্ৰি মুৰাটভৰ 3

উল্লেখ্য যে, ডিমিট্ৰি মুৰাটভে ২০২১ চনত ফিলিপাইনৰ সাংবাদিক মাৰিয়া ৰেছাৰ সৈতে একেলগে শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ইউক্ৰেনিয়ান ভগনীয়া শিশুৰ সাহায্যৰ বাবে তেওঁ তেওঁৰ এই ন’বেল বঁটা নিলামত বিক্ৰী কৰাৰ ঘোষণা কৰিছিল।

সেই অনুসৰি নিউয়ৰ্কত হেৰিটেজ অকশ্যনে আয়োজন কৰা নিলামত ফোনেৰে ডাক লগাই এজন ব্যক্তিয়ে তেওঁৰ শান্তিৰ ন’বেল বঁটাৰ সোণৰ পদকটো ক্ৰয় কৰে। অৱশ্যে এই পদক কোনে ক্ৰয় কৰিছে, সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা হোৱা নাই।

image 190
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ভগনীয়া শিশুৰ সাহায্যৰ বাবে ন’বেল পদক বিক্ৰী শান্তিৰ ন’বেল বিজয়ী ডিমিট্ৰি মুৰাটভৰ 4

ডিমিট্ৰি মুৰাটভে ছোভিয়েট সংঘ পতনৰ পিছত ১৯৯৩ চনত প্ৰতিষ্ঠা কৰিছিল নোভায়া গেজেটা নামৰ বাতৰি কাকতখনৰ। ৰাছিয়াৰ একপক্ষীয় শাসন তথা ভ্লাডিমিৰ পুটিনৰ ওচৰত সংবাদ মাধ্যমৰ নতমস্তকতাৰ মাজতো ডিমিট্ৰি মুৰাটভে চৰকাৰৰ নীতিৰ সমালোচনা কৰি ৰাষ্ট্ৰখনৰ একমাত্ৰ চৰকাৰ বিৰোধী বাতৰি কাকত হিচাপে প্ৰতিষ্ঠিত হৈ আহিছে।