অসমীয়াঅসম

কৰ্তব্যৰত অৱস্থাতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু হাবিলদাৰ কাতিৰাম তেৰাঙৰ

নিউজ ডেস্কঃ কৰ্তব্যৰত অৱস্থাতে এগৰাকী আৰক্ষী হাবিলদাৰৰ মৃত্যুক লৈ অঞ্চলজুৰি শোকৰ বন্যা নামিছে নগাঁও জিলাৰ কচুৱাত।

জানিব পৰা মতে, সোমবাৰে কচুৱা থানাত কৰ্তব্য সম্পাদন কৰি থানাৰ ভিতৰতে শুই পৰিছিল ৫২ বৰ্ষীয় হাবিলদাৰ কাতিৰাম তেৰাঙে।

photo1655877077 1

আনহাতে শোৱাপাটীতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে হাবিলদাৰ কাতিৰাম তেৰাঙে। তেওঁ কামপুৰৰ চাইবুক গাঁৱৰ নিৱাসী আছিল।

ইফালে পৰৱৰ্তী সময়ত হাবিলদাৰ জনৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এৰি থৈ যায় পত্নীৰ লগতে এহাল ল’ৰা-ছোৱালীক।