মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আইমী বৰুৱা পৰিচালিত তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান

নিউজ ডেস্কঃ অভিনেত্ৰী-পৰিচালক আইমী বৰুৱাৰ আন এক সফলতা। মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আইমী বৰুৱা পৰিচালিত 𝐒𝐜𝐫𝐞𝐚𝐦𝐢𝐧𝐠 𝐁𝐮𝐭𝐭𝐞𝐫𝐟𝐥𝐢𝐞𝐬 লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান। আইমী বৰুৱা পৰিচালিত তথ্যচিত্ৰ খনে চিলভাৰ কোন্স বঁটা লাভ কৰিবলৈ সক্ষম হয়।

image 58
মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আইমী বৰুৱা পৰিচালিত তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান 3

মুম্বাইৰ নেহেৰু কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জগতসিং কেশৰিয়াৰ পৰা এই বঁটা গ্ৰহণ কৰে তথ্যচিত্ৰখনৰ পৰিচালক আইমী বৰুৱাই।

photo1654410451
মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আইমী বৰুৱা পৰিচালিত তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান 4

এই সন্মান লাভ কৰি আইমী বৰুৱাই তথ্য চিত্ৰখনৰ সৈতে জড়িত কলা-কুশলীৰ লগতে সমূহ অসমবাসীক কৃতজ্ঞতা জনায়।

তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে এই বাৰ্তা শ্বেয়াৰ কৰি লিখিলে, “মুম্বাই চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা আমাৰ তথ্যচিত্ৰ ‘Screaming Butterflies’ য়ে প্ৰথমটো সন্মান ‘Best Documentary Film’ হিচাপে ‘Silver Conch’ বঁটা লাভ কৰিছে।

এই সন্মান তথা বঁটা আমাৰ বাবে সঁচাকৈয়ে অনন্য প্ৰেৰণা হৈ ৰ’ব। এই শুভক্ষণত ‘Screaming Butterflies’ৰ সৈতে জড়িত সকলো কলা-কুশলীলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ। অসমবাসী ৰাইজক শ্ৰদ্ধা আৰু মৰম যাচিলোঁ।”

Leave a Comment