৮৫ বছৰ বয়সতো সাহিত্যৰ নিৰলস সাধনা কৰি যোৱা মোহিত্ৰী সন্দিকৈৰ উপন্যাস ছপা কৰিব মুখ্যমন্ত্ৰীয়ে..

নিউজ ডেস্কঃ জীৱন জীয়াবলৈ এটা লক্ষ্য লাগে, এটা সপোন লাগে। আৰু সেই সপোন জয় কৰাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে। প্ৰয়োজন মাথো দৃঢ় মন। নাজিৰাৰ এগৰাকী ৮৫ বছৰীয়া আইতাই যেন সেয়াই প্ৰমাণ কৰি দেখুৱাইছে।

জীৱনৰ ভাটি বেলাটোত এক নতুন লক্ষ্যৰ সন্ধান উলিয়াই সেই দিশে আগবাঢ়িছে আইতা গৰাকী। নাম তেওঁৰ মোহিত্ৰী সন্দিকৈ।

৮৫ বছৰ বয়সতো নিৰলস সাধনাৰে তেওঁ লিখি উলিয়াইছে ইখনৰ পিছত সিখন কবিতা, গল্প, নাটক আৰু উপন্যাস। নিজৰ গাঁঠিৰ ধন খৰছ কৰি তেওঁ কিছু সংখ্যক ৰচনা কিতাপ আকাৰত প্ৰকাশো কৰিছে।

কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে মাজে মাজে থমকি ৰ’বলগীয়া হৈছে তেওঁ।

photo1654164719
৮৫ বছৰ বয়সতো সাহিত্যৰ নিৰলস সাধনা কৰি যোৱা মোহিত্ৰী সন্দিকৈৰ উপন্যাস ছপা কৰিব মুখ্যমন্ত্ৰীয়ে.. 2

নাজিৰাৰ শিমলুগুৰিৰ এটা ভাড়াঘৰত পুত্ৰৰ সৈতে বাস কৰা মোহিত্ৰী সন্দিকৈয়ে নাজিৰাৰ বিভিন্ন সামাজিক-সাহিত্য অনুষ্ঠানৰ সৈতেও একান্তভাৱে জড়িত হৈ আহিছে।

মোহিত্ৰী সন্দিকৈয়ে নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাজিৰাত এবাৰ সাক্ষাৎ কৰি তেওঁৰ এখন উপন্যাস ছপা কৰিবলৈ আহ্বান জনাইছিল। ড০ হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিশ্ৰুতি দিছিল ছপা কৰাৰ।

শেহতীয়াকৈ বৃদ্ধাগৰাকীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ‘মৰুভূমিত এপাহি পদুম’ শীৰ্ষক উপন্যাসখনৰ এহাজাৰ কপি ছপা কৰাৰ দায়িত্ব গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

মাত্ৰ তৃতীয় শ্ৰেণীলৈকে অধ্যয়ন কৰিও শব্দেৰে জগত জিনিব বিচৰা এইগৰাকী অশীতিপৰ বৃদ্ধাৰ নিৰলস সাহিত্য সাধনাই বিদ্বৎ মহলতো যথেষ্ট প্ৰশংসিত হৈছে।

ইফালে মুখ্যমন্ত্ৰীয়ে তেওঁৰ উপন্যাসখন ছপা কৰাৰ বাবে গ্ৰহণ কৰা দায়িত্বই আনন্দিত কৰিছে মোহিত্ৰী সন্দিকৈক।

Leave a Comment