অসম

মুখ্যমন্ত্ৰীৰ পৰিয়ালক ক্লীনশ্বিট! PPE কিটৰ নামত এটকাও লোৱা নাই মুখ্যমন্ত্ৰীৰ পৰিয়ালেঃ পীযুষ হাজৰিকা

মুখ্যমন্ত্ৰীৰ পৰিয়ালক ক্লীনশ্বিট মন্ত্ৰী পীযুষ হাজৰিকাৰ।

‘PPE কিটৰ নামত এটকাও লোৱা নাই মুখ্যমন্ত্ৰীৰ পৰিয়ালে।’

‘ক’ভিড সামগ্ৰী যোগানত জড়িত নহয় মুখ্যমন্ত্ৰীৰ পৰিয়াল।’

PPE কিট কেলেংকাৰিক লৈ সংবাদমেলযোগে এই স্পষ্টীকৰণ দিলে মন্ত্ৰী পীযূষ হাজৰিকাই।

তেওঁ সংবাদমেলত কয়- ‘ক’ভিডৰ সময়ত PPE শব্দটো কোনোৱে বুজা নাছিল। ৩৫ খন ফাৰ্মক PPEৰ বাবে মনোনীত কৰা হৈছিল। ৯ খন ফাৰ্মক হেণ্ড চেনিটাইৰাজক দায়িত্ব দিয়া হৈছিল। ভুৱা বাতৰি প্ৰচাৰ কৰিছে এটা পৰ্টেলে। মুখ্যমন্ত্ৰী পৰিয়ালৰ ফালৰ পৰা ক’ভিডৰ সমগ্রী যোগান ধৰা নাই। মুখ্যমন্ত্ৰী পৰিয়ালে একটাও লোৱা নাই পি পি কিটৰ নামত।’

তেওঁ কয়- ধুনুকা নামৰ ফাৰ্মখনে কেৱল ৮৫ লাখ টকাৰ কাম পাইছিল। PPE আনিছিল, কিন্তু লোৱা হোৱা নাই ৫০ হাজাৰ PPE কিট। ব্যৱহাৰ নকৰাৰ কথা তেতিয়াই প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

‘সেই সময়ত PPE কিটক লৈ এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ক’ভিড সময়ত আমি ৩৫ খন ফাৰ্মক PPE কিট দিবলৈ অনুমোদন জনাইছিলো। আৰু ৯ খন ফাৰ্মক চেনিটাইজাৰ যোগান ধৰিবলৈ অনুমোদন জনাইছিলো। যিখন ফাৰ্মকলৈ বাতৰি প্ৰচাৰ কৰিছিল সেই ফাৰ্মখনে কেৱল ৮৫ লাখ টকাৰহে অনুমোদন পাইছিল। যদি চৰকাৰৰ একাউণ্টৰ পৰা কোনো টকা দিয়া হোৱা নাই তেতিয়া হলে কেলেংকাৰী ক’ৰ পৰা হ’ল?’- পীযূষ হাজৰিকা।

Leave a Reply

Your email address will not be published. Required fields are marked *