ৰাষ্ট্ৰীয়অসমীয়া

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা নদীত বাগৰিল তীব্ৰবেগী বাহন, চাৰিজনৰ মৃত্যু…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা নদীত বাগৰিল তীব্ৰবেগী বাহন, ৪জনৰ মত্যু।

শুকুৰবাৰে উত্তৰ ছিকিমত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে এখন চাৰিচকীয়া বাহন নদীত পৰি যোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

image 47

মংগন আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মেয়ং খোলাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

নিহত সকলক ৰমেশ চন্দ্ৰ বাৰ্মা (২৮),বন্দনা (৩২), সোনম লেপচা (৩৮), লকপা দৰ্জী লেপচা (২৮) বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে ৰমেশ আৰু বন্দনা বিহাৰৰ বাসিন্দা আৰু বাকী দুগৰাকী ছিকিমৰে চুংথাং বজাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলতেই গাড়ীখন নদীত পৰি যায় বুলি স্থানীয় লোকে জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *