নিউজ ডেস্কঃ মুখ্যমন্ত্ৰীয়ে পাৰে, মন্ত্ৰীয়েও পাৰে। তেন্তে বিধায়ক হৈ তেওঁ কিয় নোৱাৰিব? সেই বাবেই হয়তো প্রশাসনিক বিষয়াক ৰাজহুৱাকৈ ধমক দি কুৰিৰো অধিক ৰাজপত্ৰিত বিষয়াৰ ৰোষত পৰিল লক্ষীপুৰৰ বিজেপি বিধায়ক কৌশিক ৰায়।
বান পৰিদৰ্শনৰ সময়ছোৱাত কাছাৰ জিলাৰ লক্ষীপুৰৰ বিধায়কগৰাকীয়ে ৩ গৰাকী কৰ্তব্যৰত প্ৰশাসনিক বিষয়াক ধমক দিয়াৰ লগতে ‘চাউল চোৰ’ বুলি আখ্যা দিয়াৰ অভিযোগ তুলি বিধায়কজনৰ বিৰুদ্ধে ৩০ জনৰো অধিক প্ৰশাসনিক বিষয়াই পত্ৰ লিখিছে মুখ্য সচিব জিষ্ণু বৰুৱালৈ।

অভিযোগ অনুসৰি, ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ উপস্থিতিতে বিধায়ক কৌশিক ৰয়ে ধমক দিছিল প্ৰশাসনিক বিষয়া কেইগৰাকীক।
কাছাৰৰ সোণাই আৰু লক্ষীপুৰ সমষ্টিৰ বান শিৱিৰ পৰিদৰ্শন কালত বিধায়কগৰাকীয়ে চক্ৰ বিষয়া দীপাংকৰ নাথ, বিকাশ চেত্ৰী আৰু হুছেইন মহম্মদ মামুনক দুৰ্ব্যৱহাৰ কৰাৰ লগতে চাউল চোৰ আখ্যা দিয়াৰ অভিযোগত ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে এচিএছ সহ ৩০ গৰাকীকৈ প্ৰশাসনিক বিষয়াই।

বিধায়কগৰাকীয়ে মন্ত্ৰী অশোক সিংঘালৰ সন্মুখতে চক্ৰ বিষয়া দীপাংকৰ নাথৰ বিৰুদ্ধে অসংসদীয় শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত বিধায়কজনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে প্ৰশাসনিক বিষয়াসকল।
অৱশ্যে বিজেপি বিধায়কজনে প্ৰশাসনিক বিষয়াসকলৰ এই অভিযোগ খণ্ডন কৰি তেওঁ কেৱল কৰ্তব্যৰত বিষয়া কেইগৰাকীক জবাবদিহী কৰা বুলিহে দাবী কৰে।

বিধায়ক কৌশিক ৰায়ৰ মতে, বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত বহু শৰণাৰ্থীয়ে সাহায্য লাভ নকৰা বুলি অভিযোগ কৰিছিল। যাৰ বাবে বিধায়কগৰাকীয়ে চক্ৰ বিষয়া দীপাংকৰ নাথক কিয় সাহায্য প্ৰদান কৰাত পলম হৈছে বুলিহে প্ৰশ্ন কৰিছিল।
কিন্তু প্ৰকৃততে বিধায়কৰ বিৰুদ্ধে উত্থাপন কৰা ৩০ৰো অধিক প্ৰশাসনিক বিষয়াৰ অভিযোগ সঁচা নে বিধায়ক কৌশিক ৰায়ৰ দাবী সঁচা সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।









