অসম

আলফাক কিয় ক্ষমা খুজিছিল মন্ত্ৰী সঞ্জয় কিষাণে! মুখ্যমন্ত্ৰীৰ শ্ব’কজ জাৰি…

আলফাক ক্ষমা খুজি বিপদত মন্ত্ৰী সঞ্জয় কিষাণ।

মন্ত্ৰীগৰাকীলৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছে এই কাৰণ দৰ্শোৱাৰ জাননী।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আলফা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাক ক্ষমা খুজিছিল।

কিন্তু কি পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰেশ বৰুৱাক ক্ষমা খুজিলে সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব।

উল্লেখ্য যে, প্ৰথমে পৰেশ বৰুৱাক সমালোচনা কৰিছিল মন্ত্ৰী সঞ্জয় কিষাণে। তাৰ পিছতে পৰেশ বৰুৱাই উভতি ধৰিছিল মন্ত্ৰী সঞ্জয় কিষাণক।

লগতে মন্ত্ৰীগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ হুংকাৰ দিছিল আলফাই।

ইয়াৰ পিছতেই সঞ্জয় কিষাণে ক্ষমা বিচাৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *