ভয়ংকৰ ঘটনাঃ বিজেপি সাংসদৰ বাসগৃহৰ বাহিৰত বোমা বিস্ফোৰণ…

পশ্চিমবংগত সংঘটিত হৈছে ভয়কৰ ঘটনা।

বুধবাৰে পুৱা পশ্চিম বংগৰ বিজেপি সাংসদ অৰ্জুন সিঙৰ বাসগৃহৰ বাহিৰত সংঘটিত এটা বোমা বিস্ফোৰণ।

যি ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিমবংগত।

বুধবাৰে পুৱা প্ৰায় ৬ঃ৩০ বজাত বংগৰ উত্তৰ ২৪ পৰাগণা জিলাৰ সাংসদ গৰাকীৰ বাসগৃহত বাহিৰত তিনিটা পেট্ৰ’ল বোমা নিক্ষেপ কৰে কোনো দুৰ্বৃতই।

ৰাজ্যপাল জগদীপ ধনখড়ে এক টুইটৰ জৰিয়তে বিস্ফোৰণ সংঘটিত হোৱাৰ কথা সদৰি কৰে।

ৰাজ্যপাল গৰাকীয়ে কয়- সাংসদৰ ঘৰত আক্ৰমণ সংঘটিত হোৱাৰ ঘটনাই প্ৰমাণ কৰিছে যে বংগত অবাঞ্চিত হিংসাৰ অৱসান হোৱাৰ কোনো লক্ষণ নাই। মই এই ক্ষেত্ৰত দ্ৰুত পদক্ষেপ আশা কৰো। অৱশ্যে অৰ্জুন সিঙৰ নিৰাপত্তাৰ বিষয়টোৰ ক্ষেত্ৰত মই পূৰ্বেও উত্থাপন কৰিছিলো।

জানিব পৰা মতে এই ঘটনা সংঘটিত হোৱাৰ সময়ত সাসংদজন আছিল দিল্লীত। তেওঁৰ ঘৰৰ অন্যান্য সদস্যসকল আছল জগতদলত অৱস্থিত বাসগৃহত।

সাংসদ অৰ্জুন সিঙে দাবী কৰা মতে এই আক্ৰমণত কেইবজনো ব্যক্তি আহত হৈছে।

আনহাতে ৰাজ্যখনৰ বিজেপিৰ সভাপতি দিলীপ ঘোষে এই আক্ৰমণৰ লগত তৃণমূল কংগ্ৰেছৰ সদস্য জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

Leave a Comment