অসম

কংগ্ৰেছ-AIUDFৰ মিত্ৰতা ভংগই দুয়োটা দলকে উপকৃত কৰিবঃ বদৰুদ্দিন আজমল…

অৱশেষত কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হোৱাৰ কথা আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিলে AIUDFএ।

AIUDF মুৰব্বী বদৰুদ্দিন আজমতে মিত্ৰতা ভংগৰ কথা স্বীকাৰ কৰে।

সংবাদিকৰ আগত আজমলে কয়- এইটো এতিয়া সমাপ্ত হৈছে। আমি স্বীকাৰ কৰিছো যে মিত্ৰতা আৰু নাই। বিগ ব্ৰাডাৰ হিচাপে তেওঁলোকে যি সিদ্ধান্ত লৈছে সো আমি মানি লৈছো, ইয়াত কোনো সমস্যা নাই। যিহেতু তেওঁলোকে সিদ্ধান্ত লৈছে আমি ইয়াক গ্ৰহণ কৰিছো।

বিশ্বাসঘাটকতাৰ বলি হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয়, কেনেকৈ ক’ব পাৰে যে তেওঁলোকে বিশ্বাসঘাটকতা কৰিছে। এইটো এটা ৰাজনৈতিক মিত্ৰতা আছিল আৰু তাৰ পিছত তেওঁলোকে এইটো ভংগ কৰিছে। তেওঁলোকে ইয়াক লৈ সুখী হোৱা উচিত আৰু আমিও। এই বিচ্ছেদৰ ফলত দুয়োটা দল উপকৃত হ’ব।

উল্লেখ্য যে অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলে একত্ৰিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *