ভাল খবৰঃ ৰাজ্যত অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গা পূজা…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

এইবাৰ ৰাজ্যবাসীয়ে অনুষ্ঠিত কৰিব পাৰিব দুৰ্গা পূজা।

বুধবাৰে সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- এইবাৰ অনুষ্ঠিত কৰিব পাৰিব দুৰ্গাপূজা। কেৱল মাত্ৰ ক’ভিড নীতি মানি চলিব লাগিব।

ক’ভিডৰ বাবে সতৰ্কতাৰে পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত দুৰ্গাপূজা উদযাপনত অনিশ্চয়তাই দেখা দিছিল।

১১ অক্টোবৰৰ পৰা অনুষ্ঠিত হবলগীয়া দুৰ্গাপূজা উপলক্ষে দোমোজাত আছিল আয়োজক কমিটীৰ লগতে মৃৎ শিল্পী সকল।

Leave a Comment