পথৰ কুকুৰক নেগুৰত ধৰি ঘূৰাই, দলিয়াই নিৰ্যাতন চলোৱা ৰাজবীৰ সৰকাৰক গ্ৰেপ্তাৰ…

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা বিশেষ ভিডিঅ’।

ভিডিঅ’টোত দেখা এজন যুৱকৰ কাণ্ডই এতিয়া দেশজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

ভিডিঅ’টোত দেখা যায় যে, পথৰ কাষত শুই থকা এটা কুকুৰৰ ওপৰত কেনেদৰে এজন যুৱকে চলায় বৰ্বৰ অত্যাচাৰ চলাইছে।

image 38
পথৰ কুকুৰক নেগুৰত ধৰি ঘূৰাই, দলিয়াই নিৰ্যাতন চলোৱা ৰাজবীৰ সৰকাৰক গ্ৰেপ্তাৰ... 4

শুই থকা কুকুৰটোক নেগুৰত ধৰি ঘূৰাই ঘূৰাই দূৰলৈ দলিয়াই দিছিল যুৱকজনে।

এই দৃশ্য পোহৰলৈ অহাৰ পিছতে সকলোৱে একেমুখে যুৱকজনক শাস্তি দিয়াৰ পোষকতা কৰিছিল।

জানিব পৰা মতে, ৰাজবীৰ সৰকাৰ নামৰ ত্ৰিপুৰৰ এজন যুৱকে এই বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল।

image 39
পথৰ কুকুৰক নেগুৰত ধৰি ঘূৰাই, দলিয়াই নিৰ্যাতন চলোৱা ৰাজবীৰ সৰকাৰক গ্ৰেপ্তাৰ... 5

ইতিমধ্যে যুৱকজনক ইতিমধ্যে আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে আগৰতলাৰ কে-নাইন নামৰ এটা বেচৰকাৰী সংগঠনৰ দৃষ্টিগোচৰ হয়।

WhatsApp Image 2022 05 21 at 1.46.32 PM

বিষয়টো বিবেচনা কৰি, এনজিঅ’টোৱে স্থানীয় আৰক্ষীৰ ওচৰলৈ গৈ ঘটনাটোৰ বিষয়ে জনায়।

আৰু আগৰতলাৰ নিউ কেপিটেল কমপ্লেক্স আৰক্ষী থানাত কে নাইন এনিমেল ৱেলফেয়াৰ চ’চাইটিয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।

Leave a Comment