কাঠ ভৰ্তি ট্ৰাক আৰু পেট্ৰ’ল টেংকাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ, অগ্নিদগ্ধ হৈ ৯ জনৰ মৃ্ত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

কাঠ ভৰ্তি ট্ৰাক আৰু পেট্ৰ’ল টেংকাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ।

দুৰ্ঘটনাটোৰ ফলত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ৯ জনকৈ লোকে।

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

এখন দ্ৰুতবেগী কাঠ ভৰ্তি ট্ৰাক আৰু পেট্ৰ’ল টেংকাৰৰ সংঘৰ্ষৰ ফলত দুয়োখন বাহনতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।

এই দুৰ্ঘটনাৰ ফলত ট্ৰাক খনত থকা ৭ জন আৰু পেট্ৰ’ল টেংকাৰত থকা ২ জন লোক অগ্নিদগ্ধ হৈ মৃত্যু হয়।

দুৰ্ঘটনাটোত মৃতদেহবোৰ ইমান বেয়াকৈ জ্বলি যায় যে তেওঁলোকক চিনাক্ত কৰাটো কঠিন হৈ পৰিছিল।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছত চন্দ্ৰপুৰ চহৰলৈ যোৱা পথটো কেইবা ঘণ্টা ধৰি বন্ধ হৈ পৰে।

এই দুৰ্ঘটনাৰ পিছতে, টেংকাৰখনৰ পৰা পেট্ৰ’ল বিয়পি পৰি ওচৰৰ বহুতো গছ জ্বলি যায়। পুৱা প্ৰায় ৪ বজাতে অগ্নিৰ সূত্ৰপাত হয় আৰু শুক্ৰবাৰে পুৱা ১১ বজাতহে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহে।

বন বিভাগৰ সূত্ৰই জনোৱা মতে দুৰ্ঘটনাটোৰ প্ৰায় এঘণ্টা পিছতহে অজয়পুৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান ঘটনাস্থলীত উপস্থিত হয় আৰু কেইবাঘণ্টাৰো প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰে।

পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave a Comment