দুবছৰৰ পিছত পুনৰ ভক্ত আৰু ভগৱানৰ মিলন ঘটিব মা কামাখ্যা দেৱালয়ত, ২২ জুনৰ পৰা অনুষ্ঠিত হব অম্বুবাচী মেলা

নিউজ ডেস্কঃ কোভিড মহামাৰীৰ বাবে বিগত দুটা বছৰৰ পিছত পুনৰ এবাৰ ভক্ত আৰু ভগৱানৰ মিলন ঘটিব নীলাচল পাহাৰৰ মা কামাখ্যা দেৱালয়ত।

যোৱা দুটা বছৰৰ পিছত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অতি ধুমধামেৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কামাখ্যা দেৱালয় পৰিচালনা সমিতি আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

মন্দিৰ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ মাজত অনুষ্ঠিত এক বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, অহা ২২ জুন, ২০২২ৰ পৰা ২৬ জুন, ২০২২লৈ অনুষ্ঠিত কৰা হ’ব অম্বুবাচী মেলা।

Ambubachi Mela - Celebrating the Goddess Who Bleeds - Savaari Blog

অম্বুবাচীৰ প্ৰচলিত ৰীতি-নীতি অনুসৰিয়েই ২২ জুনৰ নিশা ৮.১৬ বজাৰ পৰা ৰাইজক মন্দিৰ দৰ্শন কৰিবলৈ অনুমতি দিয়া নহ’ব। এই একেই নিয়ম ২৬ জুনৰ ৰাতিপুৱা লৈকে বাহাল থাকিব।

Ambubachi Mela cancelled this year due to COVID-19 pandemic - Sentinelassam

উল্লেখ্য যে, অম্বুবাচী মেলাৰ সময়ত মা কামাখ্য দেৱালয়লৈ আগমণ ঘটে দেশী-বিদেশী অগণন সাধু-সন্ত আৰু ভক্তৰ। নিজৰ নিজৰ মনোঃকামনা পূৰণৰ বাবে মা কামাখ্যাৰ আশীষ ল’বলৈ আহি এই সময়ছোৱাত উসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে মা কামাখ্যা দেৱালয়ত।

Assam: Ambubachi Mela at Kamakhya temple called off due to Covid-19 -  Coronavirus Outbreak News

কিন্তু যোৱা দুটা বছৰত বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড পৰিস্থিতিৰ বাবে কামাখ্যা দেৱালয়তো বৈদিক ৰীতি-নীতি পালন কৰি অনুষ্টুপীয়াকৈ অম্বুবাচী আয়োজন কৰা হৈছিল। কিন্তু এইবাৰ পুনৰ আগৰ দৰে দেৱালয়লৈ অগণন ভক্ত আৰু সাধু-সন্তৰ আগমণ ঘটিব বুলি আশা কৰা হৈছে।

Leave a Comment