ৰাজীৱ ভৱনটো ব্যৱসায়িক ভৱন হ’লে ভাড়া দি অন্ততঃ দলটো চলিব পাৰিবঃ পীয়ুয হাজৰিকা

‘অসমত লাহে লাহে কংগ্ৰেছ দলটো নাইকিয়া হৈ গৈছে। ৰাজীৱ ভৱনটো ব্যৱসায়িক ভৱন হ’লে ভাড়া দি অন্ততঃ দলটো চলিব পাৰিব।’

‘লাহে লাহে কংগ্ৰেছৰ ভোট আপ, এআইইউডিএফ, এজেপিয়ে লৈ লৈছে। বিজেপিৰ বিকল্প কোনো নহয়, আৰু ২০ বছৰলৈ বিজেপি চৰকাৰেই থাকিব।’

কলিয়াবৰত এই মন্তব্য জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

শুক্ৰবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ চৰকাৰী বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈছিল মন্ত্ৰী পীয়ুয হাজৰিকা।

কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া ৰোধৰ বাবে এছিয়ান ডেভলপমেন্ট বেংকৰ পৰা প্ৰায় ৩৭শ কোটি টকা অসম চৰকাৰে লাভ কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

ইফালে চলিত বৰ্ষৰ বানত জলসম্পদ বিভাগৰ মাত্ৰ এটা মথাউৰি মংগলদৈত ভগা বুলি কয় মন্ত্ৰী পীয়ুয হাজৰিকাই।

আনহাতে, ডিমা হাচাওৰ পৰিৱেশ এতিয়া উন্নত হোৱা বুলিও দাবী কৰে মন্ত্ৰী গৰাকীয়ে।

Leave a Comment