AAPৰ লক্ষ্য অসমঃ কেজৰিৱালৰ আগন্তুক অসম ভ্ৰমণৰ পূৰ্বে ১০ লাখ সদস্যভৰ্তিৰ লক্ষ্য

নিউজ ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত নিজৰ স্থিতি শক্তিশালী কৰাত নামি পৰিছে আম আদমী পাৰ্টীত। দিল্লীত চৰকাৰ গঠনৰ পিছত শেহতীয়াকৈ পঞ্জাৱতো বিশাল জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ৰাজনৈতিক দলটোৱে এইবাৰ লক্ষ্য কৰি লৈছে অসম।

সদ্য সমাপ্ত পৌৰ নিগমৰ নিৰ্বাচনত এখন আসনত জয়লাভ কৰি অসমত ৰাজনৈতিক ৰণডংকা বজোৱা আম আদমী পাৰ্টীয়ে এতিয়া ৰাজ্যৰ প্ৰতিটো চুকে-কোণে গৈ দলীয় ভেটি শক্তিশালী কৰাত নামি পৰিছে। আনহাতে মে’ৰ শেষৰ ফালে অসমলৈ আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো অহাৰ পৰিকল্পনা কৰিছে।

Chandigarh Municipal Corporation Election Results: Arvind Kejriwal Says  Sign Of Change In Punjab After AAP Chandigarh Win
AAPৰ লক্ষ্য অসমঃ কেজৰিৱালৰ আগন্তুক অসম ভ্ৰমণৰ পূৰ্বে ১০ লাখ সদস্যভৰ্তিৰ লক্ষ্য 2

ইফালে কেজৰিৱালৰ অসম ভ্ৰমণৰ পূৰ্বে অসমত ১০ লাখ সদস্য ভৰ্তিৰ লক্ষ্য গ্ৰহণ কৰিছে আম আদমী পাৰ্টীয়ে। ইতিমধ্যেই দলটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদস্যভৰ্তি আৰম্ভ কৰিছে। তদুপৰি সদস্য ভৰ্তিৰ বাবে এটা নম্বৰো মুকলি কৰিছে দলটোৱে। আপৰ ৰাজ্যিক গোটে জানিবলৈ দিয়া মতে, ৮০১০১-০২৬২৬ নম্বৰত মিছকল দি আপৰ সদস্য হ’ব পাৰিব যিকোনো লোকে।

জানিব পৰা মতে, শুকুৰবাৰে গুৱাহাটীত থকা আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অধিবক্তা, অজাপৰ নেতাসহ ৩৫ জন লোকে যোগদান কৰে দলটোত। যোৰহাটতো যোগদান সমাৰোহৰ লগতে আপে এক বৃহৎ সমদল বাহিৰ কৰে।

Leave a Comment