অসমীয়াৰাষ্ট্ৰীয়

ছ’চিয়েল মিডিয়াত চিনাকি হৈ ৭০ বছৰীয়া প্ৰেয়সীৰ ডিঙিত বৰমালা পিন্ধালে ৮০ বছৰীয়া প্ৰেমিকে

নিউজ ডেস্কঃ প্ৰেম এক চিৰ সেউজ অনুভুতি। প্ৰেমৰ বাবে বয়স নালাগে, লাগে মাথো দুটি মন। প্ৰেমৰ এই ঐশ্বৰিক অনুভৱতেই বান্ধ খাই অৱশেষত বিয়াত বহিল ৮০ বছৰীয়া প্ৰেমিক আৰু ৭০ বছৰীয়া প্ৰেমিকা। জীৱনৰ শেষ মুহূৰ্তত দেখা দিয়া নিসংগতাখিনিক দূৰ কৰাৰ বাবে তেওঁলোকে গ্ৰহণ কৰিলে এই সিদ্ধান্ত।

চিনেমাৰ কাহিনীৰ দৰে লগা এই প্ৰেম বিবাহ সম্পন্ন হৈ গৈছে আগ্ৰাৰ নিৱাসী ৮০ বছৰীয়া মাতাপ্ৰসাদ চেঠিয়া আৰু মুম্বাইৰ নিৱাসী ৭০ বছৰীয়া ভৱেশ্বৰী দেৱীৰ মাজত। যোৱা এপ্ৰিলত তেওঁলোকে একেলগে বাকীছোৱা সময় পাৰ কৰাৰ প্ৰতিশ্ৰুতি লৈছে। দুয়োৰে বিয়াত সন্মতি জনাইছে পৰিয়ালেও।

জানিব পৰা মতে, খাদ্য সুৰক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰা মাতাপ্ৰসাদ চেঠিয়াই বহুবছৰ পূৰ্বেই হেৰুইৱাছিল পত্নীক। তেওঁৰ তিনি পুত্ৰ বৰ্তমান প্ৰতিষ্ঠিত ব্যৱসায়ী। কিন্তু জীৱনৰ ভাটি বেলাত যথেষ্ট নিসংগতা অনুভৱ কৰে মাতাপ্ৰসাদে।

prem jonome

চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত নিজৰ নিসংগতা দূৰ কৰিবলৈ বিভিন্ন সামাজিক কামৰ সৈতে তেওঁ জড়িত হৈ পৰে। এদিন তেওঁ ফেচবুকত আপলোড কৰা নিজৰ এটা ভিডিঅ’ৰ জৰিয়তে পৰিচয় ঘটে মুম্বাইৰ ভৰছোভাৰ নিৱাসী ভৱেশ্বৰী দেৱীৰ সৈতে। লাহে লাহে দুয়োৰে মাজৰ পৰিচয় গভীৰ হৈ পৰে।

ভৱেশ্বৰী দেৱী পেছাত এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা। কেইবাবছৰ পূৰ্বেই তেওঁ স্বামীক হেৰুৱাইছিল। তাৰ পিছতে একমাত্ৰ কন্যাকো হেৰুৱাই তেওঁ সম্পূৰ্ণৰূপে নিসংগ হৈ পৰে। একাকীকত্বৰ কঠিন সময়ৰ মাজতে এদিন সামাজিক মাধ্যমযোগে পৰিচয় ঘটে মাতাপ্ৰসাদৰ সৈতে।

দুয়োৰে মাজৰ চিনাকি লাহে লাহে প্ৰেমৰ ৰূপ লয়। আৰু অৱশেষত এদিন তেওঁলোকে সমাজৰ বাধাক নেওচি লগ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি, উজ্জয়িনীত প্ৰথম দেখা হয় মাতাপ্ৰসাদ আৰু ভৱেশ্বৰীৰ। তাৰ পিছতে মাত্ৰ ৫ মিনিটৰ ভিতৰত তেওঁলোকে বিয়াত বহি জীৱনৰ বাকীছোৱা সময়ত ইজনে সিজনৰ সংগী হোৱাৰ প্ৰতিশ্ৰুতি লয়।

বৰ্তমান পত্নী ভৱেশ্বৰী দেৱীৰ সৈতে গাঁৱৰ ঘৰত বাস কৰে মাতাপ্ৰসাদ চেঠিয়াই। তাতেই তেওঁলোকে ‘নিৰ্মল প্ৰেম সমাজ’ নামেৰে এখন বৃদ্ধাশ্ৰম নিৰ্মাণ কৰিছে। এই বৃদ্ধাশ্ৰমখনত জীৱনৰ শেষ বয়সত একাকীকত্বত ভূগা সকলে নিজৰ নিসংগতা দূৰ কৰিব পাৰিব।

বয়স আৰু সমাজৰ বাধা নেওচি প্ৰেম বিবাহত বহা মাতাপ্ৰসাদ আৰু ভৱেশ্বৰী দেৱীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে। সামাজিক মাধ্যমতো এতিয়া নৱ বিবাহিতা বৃদ্ধ দম্পতীহালৰ প্ৰেম কাহিনীয়ে নেটিজেনৰ মন জয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *