পৰেশ বৰুৱাক মৃত্যুদণ্ড দিবলৈ অসমৰ ৪ কােটি মানুহ প্ৰস্তুত আছেঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী

নিউজ ডেস্কঃ পুনৰ ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে আলফা স্বাধীন।

অসমীয়া যুৱক-যুৱতীৰ দৈনিক অৰণ্য গমণৰ বাতৰি আৰু পৰেশপন্থী আলফাৰ শেহতীয়া কাৰ্যকলাপে উদ্বিগ্ন কৰিছে সচেতন মহলক। যাৰ বাবে আলফা স্বাধীনৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হৈ পৰিছে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী।

অসমৰ বাবে আলফা এক বিভীষিকা, আপদ বুলি অভিহিত কৰি প্ৰবীণ সাংবাদিকগৰাকীয়ে কয় যে আলফাই অসমৰ বাবে কোনো ভাল কাম কৰা নাই।

সৃষ্টিৰ নামত আলফাই এটা কলপুলিও ৰুই পোৱা নাই।

photo1652354349 2
পৰেশ বৰুৱাক মৃত্যুদণ্ড দিবলৈ অসমৰ ৪ কােটি মানুহ প্ৰস্তুত আছেঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী 3

একমাত্ৰ অসমখনক ধ্বংস কৰিব বিচৰা আলফা স্বাধীনৰ কাম কাজক তীক্ষ্ণ ভাষাৰে গৰিহণা দি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী সৰৱ হৈ পৰে আলফা স্বাধীনত যোগদান কৰা যুৱক-যুৱতীসকলক লৈও।

শিক্ষাহীন, পিতৃ-মাতৃ আৰু সমাজৰ সংস্কাৰ লাভ নকৰা সকলেহে আলফা স্বাধীনত যোগদান কৰে বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে।

তেওঁ কয় যে চৰকাৰী চাকৰি নকৰাকৈও মানুহ ভালদৰে চলি থাকিব পাৰে।

শিৱপ্ৰসাদ বৰুৱা, ভোলানাথ বৰুৱাৰ উদাহৰণ দি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লগতে কয় যে যুৱক-যুৱতীসকলে ইচ্ছা কৰিলে পান-তামোলৰ ব্যৱসায় কৰি, পথৰ কাষত এখন দোকান দিও চলিব পাৰে।

আলফালৈ যুৱক-যুৱতী যোৱাৰ বাবে বৰ্তমানৰ অসমীয়া সমাজখনো দায়ী বুলি মন্তব্য কৰি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কয় যে ভৱিষ্যতত ইয়াৰ বাবে বৰ্তমানৰ অসমীয়া সমাজখনক গৰিহণা দিব।

প্ৰবীণ সাংবাদিকগৰাকীয়ে কয় যে আলফাই কাকো মৃত্যুদণ্ড বিহাৰ অধিকাৰ নাই।

তেওঁ কয়, ‘আলফাই যদি নিজৰ শুধৰণি নকৰে, তেন্তে পৰেশ বৰুৱাক মই মৃত্যুদণ্ড বিহিম বুলি ঘোষণা কৰিছো। অসমৰ ৪ কোটি জনতা পৰেশ বৰুৱাক মৃত্যুদণ্ড বিহিবলৈ সাজু আছে।’’

লগতে চাওকঃ

আলফাৰ গুলীত মৃত্যু হৈ অমৰ হ’ব বিচাৰে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়েঃ পৰেশ বৰুৱাৰ বিস্ফোৰক দাবী

photo1652428980
পৰেশ বৰুৱাক মৃত্যুদণ্ড দিবলৈ অসমৰ ৪ কােটি মানুহ প্ৰস্তুত আছেঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী 4

Leave a Comment