অসম

বিজু গগৈক মৃত্যুদণ্ড দিয়াৰ কথা অস্বীকাৰ আলফা(স্বাঃ)ৰ, আলফাই প্ৰেৰণ কৰিলে আত্মহত্যৰ টোকা…

অসম আৰক্ষীৰ চােৰাংচােৱাগিৰি কৰাৰ অভিযােগত পৰেশ বৰুৱা নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড বিহাৰ খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পুনৰ এজন অসমীয়া যুৱকক সংগঠনটােৱে মৃত্যুদণ্ড বিহা খবৰ তোলপাৰ লগাইছে।

প্ৰাক্তন আছু নেতা বিজু গগৈ ওৰফে ভাগ্য অসমক আলফা (স্বাঃ)ৰ মৃত্যুদণ্ড দিয়া খবৰে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিন্তু এক বিবৃতিযোগে এই কথা নস্যাৎ কৰিছে আলফা স্বাধীনে।

আনকি বিজু গগৈয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা এক টোকাও সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে আলফাই।

image 16

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, বিজু গগৈক আলফাই মৃত্যুদণ্ড বিহা নাই। বিজু গগৈ ওৰফে লেন্স কৰ্পৰেল ভাগ্য অসমে ২১ ফেব্ৰুৱাৰীৰ নিশা ১২-১৫ বজাত নিজৰ শুৱা কোঠাত লগত থকা বন্দুকেৰে মূৰত গুলীয়াই আত্মহত্যা কৰিছিল।

বিবৃতিত প্ৰকাশ কৰা হৈছে যে, বিজু গগৈয়ে একমাত্ৰ নৈতিকভাৱে পতিত হৈ হীনমন্যতাত ভূগি আত্মহত্যা কৰিছে। তেওঁ সকলোৰে মৰমৰ, অমায়িক, মেধা সম্পন্ন আৰু সংগঠনৰ প্ৰতি আনুগত্যশীল সহযোদ্ধা আছিল। বিজু গগৈৰ মৃত্যুত আলফা দুঃখিত আৰু মৰ্মাহত হোৱাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

image 17

উল্লেখ্য যে, তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্তোষ লামাই আৰক্ষীৰ আগত বুধবাৰে প্ৰকাশ কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য। সন্তোষ লামাই প্ৰকাশ কৰা অনুসৰি আলফাই বিজু গগৈ ওৰফে ৰুমেল অসমক মৃত্যুদণ্ড দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *