
নিউজ ডেস্কঃ ৰাজ্যজুৰি পুনৰ প্ৰাসংগিক হৈ পৰা আলফা স্বাধীনৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা এজন ব্যক্তিয়েই হৈছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী।
শেহতীয়াকৈ আলফা স্বাধীনক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰ্চাত আছে প্ৰবীণ সাংবাদিকগৰাকী। আনকি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক তেওঁ মৃত্যুদণ্ড বিহিব বুলিও মন্তব্য কৰিছিল চক্ৰৱৰ্তীয়ে।
কিন্তু আলফাৰ বিৰুদ্ধে কিয় ইমান সৰৱ আছে জ্যেষ্ঠ সাংবাদিকগৰাকী? কিয় তেওঁ ইমান বেয়া পায় পৰেশ বৰুৱাক?

এই প্ৰশ্নৰ উত্তৰ দিলে খোদ পৰেশ বৰুৱাই। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সৈতে হোৱা ফৌনিক বাৰ্তালাপৰ সময়ত তেওঁ প্ৰকাশ কৰিলে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে তেওঁক বেয়া পোৱাৰ কাৰণ।
পৰেশ বৰুৱাৰ মতে, দুবছৰ পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱত এগৰাকী লেখকৰ এখন গ্ৰন্থ উন্মোচনৰ সময়ত উপস্থিত আছিল সাংবাদিক ধীৰেন্দ্ৰ চক্ৰৱৰ্তী। সেই সময়ত তেওঁক দুজনমানে প্ৰশ্ন কৰিছিল- আপুনি পৰেশ বৰুৱাৰ বিৰুদ্ধে ইমান লাগি থাকে কিয়?

আলফাৰ সেনাধ্যক্ষগৰাকীয়ে দাবী কৰা মতে, সেই সময়ত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে উত্তৰ দিছিল- মই সিঁহতক উচতামেই। মই এতিয়া বুঢ়া হৈ আহিছো… এতিয়া কেলঢোপ কেলঢোপকৈ থাকি মৰিবলৈ ইচ্ছা নাই। মই গালি পাৰি থাকিলে যদি খঙতে পৰেশ বৰুৱাই মোক গুলীয়াবলৈ অৰ্ডাৰ দি দিয়ে, তেতিয়াতো মোৰ মৃত্যু একেটা গুলীতেই শেষ। মোৰ মৃত্যু সাৰ্থক হব।’
পৰেশ বৰুৱাৰ মতে, জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে হেনো পুনৰ কয়- ‘আলফাৰ গুলীত মৰিলে মই চিৰদিনৰ বাবে মহান হৈ থাকিম।’
ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ চিন্তাধাৰাক নিকৃষ্ট বুলি অভিহিত কৰি পৰেশ বৰুৱাই লগতে কয় যে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী এনে চিন্তাধাৰাৰে কেতিয়াও অমৰ হব নোৱাৰে। অসমৰ মানুহে ভাল বুলি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ নাম কেতিয়াও নলয়।
আলফা আৰু পৰেশ বৰুৱাক উত্তেজিত কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ কৌশল ৰচনা কৰা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ এই সত্য ঘটনাৰ বহু সাক্ষী আছে বুলিও মন্তব্য কৰে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে।
আনহাতে, জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে নিজেও এই কথা স্বীকাৰ কৰা বুলি তেওঁ মন্তব্য কৰে।
প্ৰয়োজনত সাাক্ষীৰ নাম আৰু সেইদিনা গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন হোৱা লেখক গৰাকীৰ নাম পৰ্যন্ত মুকলি কৰিব বুলি মন্তব্য কৰে পৰেশ বৰুৱাই।
লগতে চাওকঃ
পৰেশ বৰুৱাক মৃত্যুদণ্ড দিবলৈ অসমৰ ৪ কােটি মানুহ প্ৰস্তুত আছেঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
