টােল গে’টৰ মাজেৰে পলায়নৰ চেষ্টা ট্ৰাক চালকৰ, ট্ৰাকৰ বাম্পাৰতে ওলমি ৰ’ল টোল গে’টৰ কৰ্মচাৰী!

নিউজ ডেস্ক। ট্ৰাকৰ বাম্পাৰত থিয় হৈ ফাষ্টেগ স্কেন কৰি আছিল এগৰাকী টোল গে’টৰ কৰ্মচাৰীয়ে। তেনেতে চালকে তীব্ৰবেগেৰে ট্ৰাকসহ সেই স্থানৰ পৰা পলায়ন কৰাত ট্ৰাকৰ বাম্পাৰতে ওলমি ৰয় টোল কৰ্মচাৰীগৰাকী।

মৃত্যুৰ ভয়ত চিৎকাৰ কৰি উঠা টোল কৰ্মচাৰীগৰাকীক অৱশেষত কেইবা কিলোমিটাৰ নিলগত সুকলমে উদ্ধাৰ কৰে আৰক্ষীয়ে।

G4 22
টােল গে’টৰ মাজেৰে পলায়নৰ চেষ্টা ট্ৰাক চালকৰ, ট্ৰাকৰ বাম্পাৰতে ওলমি ৰ’ল টোল গে’টৰ কৰ্মচাৰী! 3

এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ নন্দিয়াল জিলাৰ এটা টোল বুথত।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত এগৰাকী ব্যক্তিয়ে তীব্ৰবেহী ট্ৰাকৰ সন্মুখৰ বাম্পাৰত থিয় হৈ মৃত্যুৰ ভয়ত কাতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে।

জানিব পৰা মতে, ২৭ এপ্ৰিল, বুধবাৰে নন্দিয়াল জিলাৰ ধোনে মণ্ডলৰ আমুকাথাডুৰ টোল প্লাজাত সংঘটিত হয় এই ঘটনা।

টোল প্লাজাটোত এখন ট্ৰাকৰ ফাষ্টটেগ টোল প্লাজাৰ কেমেৰাই স্কেন কৰিব নোৱাৰাত মেনুৱেলি স্কেন কৰিবলৈ এগৰাকী কৰ্মচাৰীয়ে ট্ৰাকখনৰ বাম্পাৰত থিয় হয়।

শ্ৰীনিবাসলু নামৰ টোল কৰ্মচাৰী গৰাকীয়ে ট্ৰাকৰ সন্মুখভাগত থিয় হৈ ফাষ্টটেগ স্কেন কৰি থকাৰ সময়তে দ্ৰুতবেগে ট্ৰাকসহ সেই স্থানৰ পৰা পলায়ন কৰে চালকজনে। যাৰ ফলত ট্ৰাকৰ বাম্পাৰতে ওলমি লয় কৰ্মচাৰী জন।

ইফালে মৃত্যুৰ ভয়ত টোল কৰ্মচাৰী শ্ৰীনিবাসলুৱে চিঞৰিবলৈ ধৰাত একাংশ বাহন চালকে ট্ৰাকখনৰ পিছা কৰিবলৈ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। পিছত টোল প্লাজাৰ পৰা এই বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ভেলদুৰ্থিত ট্ৰাকসহ চালকজনক কৰায়ত্ব কৰি টোল কৰ্মচাৰীগৰাকীৰ জীৱন ৰক্ষা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অনন্তপুৰৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা ট্ৰাকখনৰ চালকজনে টোল টেক্স পৰিশোধ নকৰাকৈ পলায়নৰ চেষ্টা কৰিছিল। যাৰ ফলত টোল কৰ্মচাৰী শ্ৰীনিবাসলুৰ জীৱনো সংকটৰ মাজলৈ ঠেলি দিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰে।

লগতে চাওকঃ

ভয়ংকৰ! পাহাৰৰ পৰা খহি পৰা শিলাখণ্ডই খুন্দিয়ালে চলন্ত বাইক, কেমেৰাত বন্দী শিহৰণকাৰী ঘটনা…

G6 8
টােল গে’টৰ মাজেৰে পলায়নৰ চেষ্টা ট্ৰাক চালকৰ, ট্ৰাকৰ বাম্পাৰতে ওলমি ৰ’ল টোল গে’টৰ কৰ্মচাৰী! 4

Leave a Comment