বৈচিত্ৰৰ মাজত ঐক্য! কাশ্মীৰত নামাজ আদায় কৰিলে ভাৰতীয় সেনাৰ বিষয়া-জােৱানে, সামাজিক মাধ্যমত ভাইৰেল ছবি

নিউজ ডেস্ক। বৈচিত্ৰৰ মাজত ঐক্যৰ দেশ ভাৰত। প্ৰাকৃতিক বৈচিত্ৰতাৰ উপৰিও এই দেশৰ নাগৰিকসকলৰ মাজতো বিদ্যমান বৈচিত্ৰতা।

জাতি-ধৰ্মৰ বিভাজন পাহৰি যুগ যুগ ধৰি সকলোৱে সমিলমিলেৰে বাস কৰি আহিছে ভাৰতত। আৰু তাতেই এই দেশৰ প্ৰকৃত ৰং পৰিস্ফূত হৈছে।

শেহতীয়াকৈ একাংশই জাতি-ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিব বিচাৰিলেও মাজে মাজে এনে দৃশ্য পোহৰলৈ আহে, যিয়ে পুনৰ সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলে। তেনে এখন ছবিয়েই এতিয়া মন জয় কৰিছে নেটিজেনৰ।

FRXcwWIakAEIkYi
বৈচিত্ৰৰ মাজত ঐক্য! কাশ্মীৰত নামাজ আদায় কৰিলে ভাৰতীয় সেনাৰ বিষয়া-জােৱানে, সামাজিক মাধ্যমত ভাইৰেল ছবি 2

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ফটোখনত সেনাৰ ১৫ তম কৰ্পছ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ডি পি পাণ্ডেয়ে পবিত্ৰ ৰমজান মাহত আন জ্যেষ্ঠ শিখ বিষয়াৰ সৈতে প্ৰাৰ্থনা কৰি থকা দেখা গৈছে।

ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে হৃদয় জিনিছে লাখ লাখ ভাৰতীয়ৰ।

জানিব পৰা মতে, ভাইৰেল ফটোখন জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ। ভাৰতীয় সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ডি পি পাণ্ডেয়ে এনেদৰে স্থানীয় লোকসকলক একতাৰ বাৰ্তা প্ৰদান কৰে।

তদুপৰি, সেনা জোৱানসকলে স্থানীয় লোকসকলৰ সৈতে ইফতাৰতো অংশগ্ৰহণ কৰে। ফটোখন ২৫ এপ্ৰিলত প্ৰতিৰক্ষা পৰামৰ্শদাতা দানবীৰ সিঙে শ্বেয়াৰ কৰিছে। তেওঁ ছবিৰ সৈতে লিখিছে, “লেফটেনেণ্ট জেনেৰেল ডিপি পাণ্ডেয়ে শ্ৰীনগৰত ৰমজানৰ সময়ত প্ৰাৰ্থনা কৰে।’’

ফটোখন প্ৰাক্তন আইপিএছ বিষয়া বিজয় শংকৰ সিঙেও শ্বেয়াৰ কৰিছে। ছবিখন শ্বেয়াৰ কৰি তেওঁ লিখিছে, “ভাৰতীয় সেনা এতিয়াও গোঁড়ামি আৰু মৌলবাদৰ ভাইৰাছৰ পৰা মুক্ত হৈ থকাটো আনন্দ আৰু সকাহৰ বিষয়।”

উল্লেখ্য যেস ইয়াৰ পূৰ্বেও ২০২১ চনত লেফটেনেণ্ট জেনেৰেল ডিপি পাণ্ডেয়ে জিঅ’চি চিনাৰ কৰ্পছত কৰ্তব্যৰত হৈ থকা সময়ত শ্ৰীনগৰৰ জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰী ৰেজিমেণ্টেল চেণ্টাৰৰ জোৱান সকলৰ সৈতে নামাজ-ই-মাগ্ৰিবত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছিল।

Leave a Comment