অসম

শীঘ্ৰেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ১২৫০ টকাকৈ, অহা বছৰৰ পৰা ৩ হাজাৰ টকালৈ হ’ব বৃদ্ধি…

‘অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ১২৫০ টকাকৈ।’

‘অহা বছৰৰ পৰা এই আঁচনিৰ ধন ৩০০০ টকালৈ হ’ব বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ।’

‘অৰুণোদয় আঁচনিৰ অধীনত ৩৫ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভক্ত কৰাৰ লক্ষ্য চৰকাৰৰ।’

‘গুৱাহাটীৰ পাহাৰত বসবাস কৰা কোনো খিলঞ্জীয়া লোকক উচ্ছেদ কৰা নহয়।’

‘গুৱাহাটীত সাত বছৰত ২৯খন উৰণীয়া সেতু হ’ব।’

‘৭০ শতাংশ বানপানী কমিছে অসমত।’

‘অহা তিনি মাহৰ ভিতৰত ১০ হাজাৰ লোকে লাভ কৰিব খোৱাপানী।’

‘৪০-৪২ শতাংশ অপৰাধ হ্ৰাস পাইছে অসমত।’

শুকুৰবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ, বিত্ত আৰু উদগনি সকাহ আঁচনিৰ অধীনত মাইক্ৰফাইন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও।

Leave a Reply

Your email address will not be published. Required fields are marked *