ৰাষ্ট্ৰীয়অসমীয়া

হৃদয়স্পৰ্শী ! খিৰিকিৰ সৰু গ্ৰীলৰ ফাঁকেৰে এটি তৃষ্ণাতুৰ পাৰ চৰাইক পানী খুৱাইছে এটি কণমানিয়ে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। ‘পাৰ চৰাই উৰি গ’ল পালে নদীৰ পাৰ, ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ।’

শৈশৱত এই কবিতাটো পঢ়ি আমাৰ ৯০ৰ দশকৰ শিশুসকলৰ মনত জাগি উঠিছিল এক অজান শিহৰণ। ঘৰৰ মুধচত ৰৈ থকা পাৰ চৰাইজনী দেখি আমাৰো মন গৈছিল চৰাই হোৱাৰ।

কিন্তু সময়ৰ লগে লগে আমি পাহৰি পেলাইছো ঘৰৰ মুধচত পৰি ৰোৱা পাৰ চৰাইজনীৰ কথা।

সেয়ে এতিয়াও মুধচত পৰি ৰোৱা পাৰ দেখিলে স্মৃতিৰ সাকোৰে আমাৰ মনটো শৈশৱৰ মাজলৈ ঘূৰি যায়… মনৰ ভিতৰতে ৰিণি ৰিণি বাজি উঠে পাৰ চৰাইৰ কবিতাটো…!

G3 27

সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এটি পাৰ চৰাই আৰু এটি শিশুৰ হৃদয়স্পৰ্শী ভিডিঅ’। অৱশ্যে কংক্ৰিটৰ পৃথিৱীত এতিয়া আৰু ঘৰৰ মুধচত পৰা নাই পাৰ চৰাই। পৰিছে অট্টালিকাৰ চাঁদত।

উৎকত গৰমত ঘৰৰ চাদত পৰি থকা এটি পাৰ চৰাইক খিৰিকিৰ লোহাৰ গ্ৰীলৰ মাজেৰে এটুপি পানী দিয়াৰ চেষ্টা কৰিছে এটি শিশুৱে। সামাজিক মাধ্যমত এই ভিডিঅ’টোৱে মন জয় কৰিছে নেটিজেনৰ।

ভিডিঅ’টোত দেখা পোৱা গৈছে যে, এটি শিশুৱে খিৰিকীৰ সৰু গ্ৰীলৰ ফাঁকেৰে বাহিৰলৈ হাতখন উলিয়াই এখন চামুচেৰে পাৰ চৰাইজনীক পানী যাঁচিছে।

নিশ্চিত ভাৱে এই ভিডিঅ’টোৱে এক যোগাত্মক বাৰ্তাও বিয়পাইছে নেটিজেনৰ মাজত। যি সময়ত মানুহে কেৱল নিজৰ লগতে ব্যস্ত হৈ পৰে, সেই সময়ত কণমাণি শিশুটোৱে পাৰ তৃষ্ণাতুৰ পাৰ চৰাইজনীৰ প্ৰতি দেখুওৱা দৰদে প্ৰমাণ কৰিছে যে সমাজত মানৱতা এতিয়াও জীয়াই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *