সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পুনৰ ২৫ টকাকৈ বৃদ্ধি…

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ জনতাৰ ওপৰত এইবাৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে শোধাইছে মাধমাৰ।

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

পুনৰ পেট্ৰ’লিয়াম কোম্পানীসমূহে প্ৰতিটো ঘৰুৱা এলপিজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি কৰিছে।

উল্লেখ্য যে, বিগত ১৫ দিনত চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি পালে।

ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি হৈছে।

আনহাতে, ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৭৫ টকা বৃদ্ধি পাইছে।

এই বৃদ্ধিৰ পিছত, দিল্লীত ১৪.২ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰ ৮৮৪.৫০ টকালৈ বৃদ্ধি হৈছে।

পূৰ্বে ইয়াৰ দাম আছিল ৮৫৯.৫০ টকা।

Leave a Comment