গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লৰ ৬ যাত্ৰীক মহটিয়াই নিলে আন এখন ৰে’লে! নিহত ৫ জন

নিউজ ডেস্ক। মঙলবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ বাটুভা গাঁৱৰ ওচৰত কেবাজনাে ৰে’ল যাত্ৰীক মহটিয়াই নিলে কোণাৰ্ক এক্সপ্ৰেছ ৰে’লখনে।

ইয়াৰে অসমৰ দুজনসহ ৫ ৰে’লযাত্ৰীৰ থিতাতে মৃত্যু হয়।

ৰে’ল বিভাগে প্ৰকাশ কৰা অনুসৰি, কাৰিকৰী বিজুতিৰ বাবে গুৱাহাটী অভিমুখী চেকেন্দ্ৰাবাদ- গুৱাহাটী এক্সপ্ৰেছৰ ৰে’লখন ৰখিবলগীয়া হয়।

G2 10
গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লৰ ৬ যাত্ৰীক মহটিয়াই নিলে আন এখন ৰে’লে! নিহত ৫ জন 3

তেনে সময়তে প্ৰচণ্ড গৰমৰ বাবে একাংশ যাত্ৰী ৰে’ল পৰা নামি যায় আৰু ওচৰৰে ৰে’লপথত জিৰণী লৈ আছিল। তেনে সময়তে কােণাৰ্ক এক্সপ্ৰেছ ৰে’লে তেওঁলােকক মহটিয়াই নিয়াৰ ফলতে এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাটোত মৃত্যু হোৱা ৫ জনৰ লগতে আন কেইবাজনো লোক আহত হৈছিল।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে এই ঘটনাটোত শোক প্ৰকাশ কৰে আৰু শ্ৰীকাকুলামৰ উপায়ুক্তক শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি আহত আৰু মৃতকৰ পৰিয়ালৰ সদস্যসকলক সকলো ধৰণৰ সম্ভাৱ‍্য সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

ইপিনে, আন এটা খবৰ অনুসৰি কিছুমান যাত্ৰীয়ে ৰে’লৰ পৰা নামিবলৈ ৰে’লৰ চেইনডাল টানি দিছিল আৰু ৰে’লপথটো পাৰ হৈ যাব লঁওতেই কোণাৰ্ক ৰেলখনে তেওঁলোকক মহতিয়াই লৈ যায়।

অৱশ্যে বিভাগীয় তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পােহৰলৈ আহিব।

অন্ধ্ৰ প্ৰদেশ চৰকাৰে মৃত ব্যক্তিকেইজনৰ পৰিয়াললৈ ২-২ লাখ টকাৰ এককালীন অনুদান ঘোষণা কৰিছে।

আহত এজন লোকক ততাতৈয়াকৈ শ্ৰীকাকুলামৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক ততাতৈয়াকৈ ভিজাগলৈ লৈ যোৱা হৈছে।

লগতে চাওকঃ

শোকাৱহ! বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰে মাতৃ-পুত্ৰ-কন্যাসহ এইপৰ্যন্ত ৭জনৰ মৃত্যু…

516
গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লৰ ৬ যাত্ৰীক মহটিয়াই নিলে আন এখন ৰে’লে! নিহত ৫ জন 4

Leave a Comment