অসম

দীপৰ বিলৰ সুৰক্ষাৰ দাবীত ১৬ টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী, শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী…

দীপৰ বিলৰ সুৰক্ষাৰ দাবীত ১৬ টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী।

দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে (জি এম চি) যোৱা বছৰৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত অবৈধভাৱে ডাম্পিং গ্রাউণ্ড স্থাপন কৰি দূষিত আৱৰ্জনা পেলোৱাক লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৬খন গাঁৱৰ ৰাইজ দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে।

বিগত সময়ছোৱাত জি এম চিয়ে ৰাইজৰ দাবীত ডাম্পিং গ্রাউণ্ডত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদূষণৰ পৰা অঞ্চলটোক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেই প্রতিশ্রুতি কাৰ্যত ৰূপায়ণ নহ’ল।

ফলত ডাম্পিং গ্ৰাউণ্ডৰ বিপৰীত দিশত থকা পামহী কাৰ্বিপাৰা ৰাইজৰ আহ্বান মৰ্মে সোমবাৰে মৃত্যুমুখী দীপৰ বিল আৰু দাঁতি কাষৰীয়া ৰাইজৰ সুস্থ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দীপৰ বিলৰ পাৰৰ ঐতিহাসিক শ্ৰীশ্ৰীভাঙাৰা গোঁসাই থান চৌহদত দুই ঘণ্টাযোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।

image 25

কাৰ্যসূচীত সদৌ অসম ট্রাইৱেল সংঘ, কাৰ্বি ছাত্ৰসন্থা, দীপৰ বিল পাঁচপাৰা সমবায় সমিতি, ধলবামা গ্রাম্য উন্নয়ন সমিতি, পামহী বড়ো সমাজ, মাঘুৱাপাৰা, দেউছতাল, পামহী, কলিতাপাৰা, নেপালীপাৰা, ধলবামা, আজাৰা ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ ১৬টা দল সংগঠনৰ পুৰুষ-মহিলা নির্বিশেষে দুই শতাধিক লোকে হাতে হাতে বেনাৰ, প্পে-কার্ড লৈ দীপৰ বিলক ৰক্ষা কৰক, ৰে’লপথ স্থানান্তৰ কৰক, ডাম্পিং গ্রাউণ্ডত আৱৰ্জনা পেলোৱা আৰু পামহী কেনেলৰে দীপৰ বিলত দুষিত পানী পেলোৱা বন্ধ কৰক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে।

লগতে দুৰ্গন্ধ নাশ কৰাৰ বাবে ২২ ফেব্ৰুৱাৰীৰ ভিতৰত বৈজ্ঞানিক পদ্ধতি তথা তেনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দি ডেৰমাহ পাৰ হৈ যোৱাৰ পাছতো জিএমচিয়ে গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসীয়ে বিগত সময়ছোৱাত দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে বুলি অভিযোগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *