অসমঅসমীয়া

শােকাৱহ! ৰজাদিনীয়া গড় খান্দিবলৈ গৈ কিশোৰসহ দুজনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ৰজাদিনীয়া গড় খান্দিবলৈ গৈ কৰুণ মৃত্যু ঘটিল কিশােৰসহ দুজন লােকৰ।

এই ঘটনাৰ স্থান বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰী।

G3 10

জানিব পৰা মতে, ৰজাবাৰীত থকা ৰজাদিনীয়া ঐতিহাসিক ৰাজগড়ত মাটি খান্দি আছিল অঞ্চলটোৰ দিলীপ ওৰফে গোবিন গোৱালা (১৪) নামৰ কিশোৰৰ লগতে ধৰ্মেন্দ্ৰ ওৰফে জিতেন্দ্র দাস (৩৫) নামৰ এজন লােকে।

তেনে সময়তে গড়ৰ মাটি খহি পৰি দুয়োকে হেঁচা মাৰি ধৰাৰ ফলত দুয়োৱে কৰুণ মৃত্যুক সাবটি লয়।

উল্লেখ্য যে বোকাখাতৰ ৰজাবাৰীত সংৰক্ষণৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম হৈছে ৰজাদিনীয়া ঐতিহাসিক গড় ৰাজগড়।

একাংশ লোকে নিজৰ প্রয়োজনত কাটি নিঃশেষ কৰাৰ উপক্ৰম কৰিছে ৰাজগড়। ইয়াৰ পিছতাে যেন কোনাে কাণসাৰ নাই বিভাগীয় কর্তৃপক্ষৰ।

অতি শীঘ্ৰেই গড়কেইটা সংৰক্ষণ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে।

লগতে চাওকঃ

শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

G6 2

Leave a Reply

Your email address will not be published. Required fields are marked *