শোকাবহ! দেওঘৰৰ ৰোপৱে’ দুৰ্ঘটনাত মৃত্যু দুগৰাকী মহিলা পৰ্যটকসহ ৩ জনৰ

নিউজ ডেস্কঃ ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ বাবা বৈদ্যনাথ মন্দিৰৰ সমীপৰ ত্ৰিকূট পাহাৰত ৰোপৱে’ দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকী মহিলা পৰ্যটকসহ ৩ জন।

দুখন কেবল কাৰৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় মহিলা পৰ্যটক দুগৰাকীয়ে। আনহাতে দুৰ্ঘটনাত আহত আন এজন পৰ্যটকৰ পৰৱৰ্তী সময়ত মৃত্যু ঘটে।

ropeway 2
শোকাবহ! দেওঘৰৰ ৰোপৱে’ দুৰ্ঘটনাত মৃত্যু দুগৰাকী মহিলা পৰ্যটকসহ ৩ জনৰ 3

ৰোপৱে’ দুৰ্ঘটনাটোত ৮ গৰাকী পৰ্যটক আহত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে খবৰ অনুসৰি, এতিয়াও ৰোপৱে’ কেবিনত আৱদ্ধ হৈ আছে ৪৮ গৰাকী পৰ্যটক।

আৱদ্ধ পৰ্যটক সকলৰ উদ্ধাৰৰ বাবে ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, আইটিবিপি আৰু এনডিআৰএফৰ দলে অভিযান আৰম্ভ কৰিছে।

ropeway 3
শোকাবহ! দেওঘৰৰ ৰোপৱে’ দুৰ্ঘটনাত মৃত্যু দুগৰাকী মহিলা পৰ্যটকসহ ৩ জনৰ 4

উদ্ধাৰ অভিযানৰ বাবে দুখন এমআই-১৭ হেলিকপ্টাৰ কৰা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, ২৫টা কেবিন সংলগ্ন প্ৰায় ৭৬৬ মিটাৰ দীঘল ৰোপৱে’টোত কাৰিকৰী বিজুতিৰ বাবে দুখন কেবল কাৰৰ মাজত সংঘৰ্ষ সংঘটিত হয়।

৩৯২ মিটাৰ ওখ ত্ৰিকূট পাহাৰত দীৰ্ঘদিনৰ পৰা পৰ্যটকৰ বাবে চলি থকা এই ৰোপৱে’ৰ প্ৰতিটো কেবিনত ৪ জনকৈ পৰ্যটকে যাত্ৰা কৰি প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰে।

Leave a Comment