ৰাষ্ট্ৰীয়

ৰসায়নিক কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৬ জনৰ…

গুজৰাটৰ ভাৰুছ জিলাৰ ৰসায়নিক কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৬ জনকৈ লোকৰ। এই ভয়ংকৰ ঘটনাত এজন লোক এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, পুৱতি নিশা ভাৰুছ জিলাৰ দাহেজ ঔদ্যোগিক এলেকাত অৱস্থিত ৰাসায়নিক কাৰখানাত সংঘটিত হয় অগ্নিকাণ্ড।

কাৰখানাটোৰ চুল্লীত সূত্ৰপাত হোৱা জুইয়ে নিমিষতে গোটেই কাৰখানাটো আৱৰি ধৰাত সেই সময়মত কৰ্মৰত হৈ থকা ৬ জন কৰ্মচাৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

পিছত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাক লৈ শোকৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *