প্ৰকৃতি বৰ মনোৰম। কিন্তু এবাৰ ভাৱকচোন, এই পৃথিৱীৰ পৰা চৰাই-চিৰিকটি, সকলো জীৱ-জন্তু যদি নোহোৱা হৈ যায়, আৰু যদি থাকি যায় কেৱল মানুহ আৰু মানুহ… তেন্তে কেনে হব?
নিশ্চয় আপুনি কাহানিও তেনে এখন মানুহৰ পৃথিৱী কল্পনা নকৰে। কাৰণ, এই ধৰণীক আপোনাৰ দৃষ্টিত মনোৰম কৰি ৰখাৰ মূলতেই হৈছে বন্যপ্ৰাণী।
কিন্তু মানুহৰে হাতত আজি হেৰাই গৈছে বহু জীৱ-জন্তু, চৰাই-চিৰিকটি। যাৰ বাবে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাটো এতিয়া অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।
এনে পৰিপ্ৰেক্ষিততে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৱা এটা বছৰত চৰকাৰৰ ওচৰত স্বেচ্ছাই সম্বৰণ কৰা হৈছে জীৱ-জন্তুৰ চিকাৰত ব্যৱহৃত ২,২০০ৰো অধিক এয়াৰ গান আৰু ৰাইফল।
আনহাতে এই এয়াৰ গান আৰু ৰাইফল সমূহ চৰকাৰৰ হাতত তুলি দি ভবিষ্যতে কোনো জীৱ জন্তুৰ চিকাৰ নকৰাৰো প্ৰতিশ্ৰুতি দিছে অস্ত্ৰৰ গৰাকীসকলে।
শনিবাৰে অৰুণাচলৰ বন তথা পৰিবেশ মন্ত্ৰী মামা নাটুঙে এই কথা সদৰী কৰি বন্যপ্ৰাণীপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত অৰুণাচলবাসীয়ে জনোৱা সঁহাৰিত আনন্দ ব্যক্ত কৰে।
উল্লেখ্য যে বনমন্ত্ৰী নাটুং, মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলে বন্য প্ৰজাতিৰ সুৰক্ষাৰ বাবে জনসাধাৰণক অনুপ্ৰাণিত কৰিবলৈ ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলসমূহত নিয়মীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।
বনমন্ত্ৰী মামা নাটুঙে কয়, “আমি কোনো আইন প্ৰণয়ন কৰা নাই কাকো অস্ত্ৰ সম্বৰণ কৰিবলৈও জোৰ কৰা নাই। ইয়াৰ পৰিৱৰ্তে আমি সজাগতা সৃষ্টি কৰি আহিছো। আমি মানুহক বুজাবলৈ চেষ্টা কৰি আহিছো যে বন্যপ্ৰাণীৰ সুৰক্ষা কিয় গুৰুত্বপূৰ্ণ। আমাৰ এই প্ৰচেষ্টাই আমাক বৃহৎ সফলতা প্ৰদান কৰিছে। এই অভিযান কেৱল অৰুণাচল প্ৰদেশতে সীমাবদ্ধ থাকিব নালাগে, সমগ্ৰ দেশে এক উন্নত ভৱিষ্যতৰ বাবে এই আৰ্হি অনুসৰণ কৰা উচিত।”
বনমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে শনিবাৰৰ দিনটোতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, অশ্বিনী কুমাৰ চৌবে আৰু মুখ্যমন্ত্ৰী খাণ্ডুৰ উপস্থিতিত ৮০ টা এয়াৰগান সম্বৰণ কৰা হয়।
উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পূৰ্বে নাগালেণ্ডতো যোৱা বছৰ বন্যপ্ৰাণীৰ সুৰক্ষা সন্দৰ্ভত মানুহৰ মাজত সজাগতা সৃষ্টি কৰা হৈছিল।









